ডিফু, ১৮ জুলাই: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত সোমবাৰে সন্দেহযুক্ত হেৰ'ইনসহ আৰক্ষীৰ জালত পৰিছে দুই সৰবৰাহকাৰী ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱা এক গোপন সূত্ৰৰ পমখেদি ডিলাইৰ তিনি আলিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তালাচী চলায়(Anti Drugs mission) ৷
অভিযান কালত AS01 NC 3848 নম্বৰৰ DI বাহনত তালাচী চলাই অভিযানকাৰী দলটোৱে বাহনখনৰ দৰ্জাৰ পেনেলত লুকুৱাই থোৱা ১৬ টা চাবোনৰ বাকচৰ পৰা ২০৪ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Two arrested with Suspected heroin at Dilai) ৷