ডিফু, ১৭ নৱেম্বৰ :কাৰ্বি আংলঙৰ ডিফু চহৰৰ দাঁতিকাষৰীয়া কাকতি ৰংহাং অঞ্চলৰ বৰছিং তিমুং গাঁৱত সংঘটিত হৈছিল এক ডাইনী সন্দেহৰ ঘটনা ৷ এটা পৰিয়ালৰ ওপৰত অত্যাচাৰ চলোৱাৰ লগতে পৰিয়ালটোক গাঁও এৰি যাবলৈ বাধ্য কৰোৱা হৈছিল ।
গাঁওবাসীয়ে পৰিয়ালটোৰ মুৰব্বী সুৰেন তেৰাং আৰু তেওঁৰ পত্নীক কণমানি কন্যা শিশুৰ সন্মুখত মাছধৰা জালেৰে আৱদ্ধ কৰি অত্যাচাৰ কৰাৰ লগতে পৰিয়ালটোৱে ডাইনী বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাইছিল । এই খবৰ লাভ কৰি ডিফু আৰক্ষীয়ে তৎপৰতাৰে নিশাই পৰিয়ালটোক উদ্ধাৰ কৰি ডিফু থানালৈ লৈ আনিছিল ।
উক্ত ঘটনাৰ সন্দৰ্ভত ডিফু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত জোৰদাৰ গতিত আৰম্ভ কৰিছিল । যাৰ বাবে গাঁওখনৰ বহু লোকক আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত উক্ত ডাইনী সন্দেহকাণ্ডৰ মূল অভিযুক্ত আৰু ডাইনী সন্দেহকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী হিচাবে দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ডিফু আৰক্ষীয়ে ১১৪/২৪ গোচৰৰ ভিত্তিত লোক দুজনক গ্ৰেপ্তাৰ কৰে ।