ডিফু, 20 জানুৱাৰী : ডিফু জিলা সত্ৰ ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীৰ অপহৰণৰ কাণ্ডত জড়িত ইংতিপীৰ ব্যক্তিগত চালক সহ মূল অভিযুক্ত বুধবাৰে ডিফু আৰক্ষীয়ে আটক কৰে ৷ অপহৰণৰ লগত জড়িত অধিবক্তা গৰাকীৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে নাইছোচাং হোজাই (১৯)নামৰ মূল অভিযুক্ত জনক আটক কৰে ৷
আৰক্ষীৰ সুত্ৰই সদৰি কৰা মতে অভিযুক্ত জনক বৃহস্পতিবাৰে নিশা ডিফুৰ আমোলা পট্টিৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ অভিযুক্ত যুৱক জনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰে ৷ যুৱকজনৰ প্ৰকৃত ঘৰ নাগালেণ্ডৰ ডিমাপুৰ ধনশিৰিপাৰ অন্তৰ্গত গণেশ নগৰৰ বাসিন্দা বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিছে ৷
উল্লেখ্য যে, ডিফুৰ জিলা সত্ৰ ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীক যোৱা ১৬ জানুৱাৰীত অপহৰণৰ চেষ্টা চোলোৱাৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছিল । আধিবক্তা গৰাকীৰ নিজ গাড়ী চালক গৰাকীৰ পূৰ্ব পৰিকল্পনাৰ অনুসৰি এই অপহৰণৰ কাৰ্য সংঘটিত হৈছিল বুলি ডিফু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে সাংবাদিকক জানিবলৈ দিছে ৷