ডিফু, ২ ছেপ্টেম্বৰ: উমৰাংচু আৰু ডিমা হাছাওৰ চালান লৈ কাৰ্বি আংলঙৰ কয়লা বহিঃৰাজ্যলৈ অবৈধভাৱে সৰবৰাহ(Illegal coal mining activities) কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে(KAAC Chief Tuliram Ranghang) ৷ ডিফুৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এই সন্দৰ্ভত মতামত ব্যক্ত কৰে ৷
অবৈধ চালানেৰে কয়লা সৰবৰাহ: কি কয় তুলিৰাম ৰংহাঙে - মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং
উমৰাংচু আৰু ডিমা হাছাওৰ চালান লৈ কাৰ্বি আংলঙৰ কয়লা বহিঃৰাজ্যলৈ অবৈধভাৱে সৰবৰাহ হোৱাৰ বিষয়টো দীৰ্ঘদিন চৰ্চা লাভ কৰি আহিছিল ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে(KAAC Chief Tuliram Ranghang) ৷
অবৈধ চালানেৰে কাৰ্বি আংলঙৰ কয়লা সৰবৰাহকলৈ তুলিৰাম ৰংহাঙৰ প্ৰতিক্ৰিয়া
মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ অৱগত যদিও খনি আৰু খনিজাত বিভাগটো পৰিষদৰ অধীনস্থ নহয় বাবেই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷ ইয়াৰোপৰি দুষ্কৃতিকাৰীসকলে নিশাৰ আন্ধাৰৰ সুযোগলৈ এনেদৰে অবৈধ সৰবৰাহ কৰি আহিছে বুলি উল্লেখ কৰে(Illegal Coal Mining in Karbi Anglong) ৷ অৱশ্যে তেওঁ এই সন্দৰ্ভত খনি আৰু খনিজাত বিভাগত গোচৰ দিবলৈ অগ্ৰসৰ হোৱাৰ কথা জানিবলৈ দিয়ে ৷