অসম

assam

By

Published : Jun 15, 2022, 8:48 PM IST

ETV Bharat / state

20 জুনত শপত: তুলিৰাম ৰংহাঙেই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী

তুলিৰাম ৰংহাঙেই হ'ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী ৷ 20 জুনত ৰাজ্যপালৰ উপস্থিতিত শপত গ্ৰহণ কৰিব তুলিৰাম ৰংহাঙে ৷ ডিফুত আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

20 জুনত শপত: তুলিৰাম ৰংহাঙেই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী
20 জুনত শপত: তুলিৰাম ৰংহাঙেই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী

ডিফু, 15 জুন: তুলিৰাম ৰংহাঙেই হʼব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য । 20 জুনত ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব (Tuliram Ronghang will take oath as CEM of KAAC) । কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ টাউন হলত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে ডিফুত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত প্ৰায় এঘন্টাজোৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । বিশেষকৈ চৰকাৰৰ প্ৰতিখন জনকল্যানমূলক আঁচনি সঠিকভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে দলৰ কৰ্মীসকলক তেঁও আহ্বান জনায় ।

20 জুনত শপত: তুলিৰাম ৰংহাঙেই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী

ভাৰত চৰকাৰৰ শেহতীয়া 'অগ্নিবীৰ' আঁচনিৰ অধীনত ভাৰতীয় সেনাবাহিনীত চাৰি বছৰৰ বাবে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত অসম আৰক্ষীত মকৰলৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হʼব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । সেইবাবে গাঁৱৰ যুৱক-যুৱতীসকলক শাৰীৰিকভাৱে শক্তিশালী কৰি তোলাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দলৰ কৰ্মীসকলক আহ্বান জনায় । আনহাতে, নিকা নিযুক্তি ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ পাচলি ব্যৱসায়ী, ৰিক্সাচালক, ঠেলাচালকৰ সন্তানে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হʼলে বিজেপিৰ গৌৰৱে আকাশ চুব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ।

অসম চৰকাৰে অহা আগষ্টত 10 হাজাৰ আৰু নৱেম্বৰত 40 হাজাৰ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিব বুলি আজিৰ সভাত তেঁও ঘোষণা কৰে । জলজীৱন আঁচনিৰ অধীনত 'জলমিত্ৰ' পদ সৃষ্টি কৰি 6,500 টকাৰ মাননিৰে অসমৰ 26 হাজাৰ যুৱকক নিযুক্তি প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । খিলঞ্জীয়া ভূমিহীনক ভূমিপট্টা প্ৰদান, চৰকাৰী ভূমিত চাহখেতি কৰাসকলক ভূমিৰ অধিকাৰ প্ৰদান, ঘাইপথৰ নামত ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ ধন পূৰ্বে বাগানৰ মালিকে লাভ কৰিছিল যদিও এতিয়াৰে পৰা ইয়াৰ এটা অংশ শ্ৰমিকেও লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন স্বাৱলম্বী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আগবঢ়া চৰকাৰখনে অহা চাৰি বছৰৰ ভিতৰত দুহাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ দিশে আগবঢ়া বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । সৌৰশক্তি আৰু পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰি অসমক ভাৰতৰ ভিতৰতে গ্ৰীণ এনাৰ্জী উৎপাদন কৰা অন্যতম দেশ হিচাপে গঢ়ি তোলা হʼব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে (Assam will be one of green power energy producing state shortly) ।

লক্ষণীয় যে আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপতো মুখ্যমন্ত্ৰীগৰাকীয়ে পাহাৰীয়া জিলাকেইখনত সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় । আনহাতে, 30 জুনৰ ভিতৰত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচনৰ কৰ্মচাৰীসকলৰ বাবে 500 কোটি টকা মোকলাই দিয়া হʼব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰে । নৱ-নিৰ্বাচিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলক সততাৰে জনতাৰ সেৱা কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এসময়ত কংগ্ৰেছ দলেও ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছিল যদিও পৰিয়ালতন্ত্ৰবাদ আৰু দুৰ্নীতিৰ বাবে জনতাৰ কাষৰ পৰা আঁতৰি অহা কংগ্ৰেছে আজি এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল ।

বিজেপিৰো এনে নোহোৱাৰ কোনো কাৰণ নাই বুলি নৱ-নিৰ্বাচিত পাৰিষদসকলক সতৰ্ক কৰি দি মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে সততাৰে দায়িত্ব পালনৰ আহ্বান জনায় । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা ভাষণত নৱ-নিৰ্বাচিত পাৰিষদ তথা অসম মন্ত্ৰীসভাত স্থান লাভ কৰা দুই মন্ত্ৰীক অভিনন্দন জনাই নৰেন্দ্ৰ মোডীৰ শাসনত বিশ্বৰ সকলো ৰাষ্ট্ৰই ভাৰতে কি কয় তালৈ চাই থাকে বুলি কয় (Minister Sarbananda Sonowal)। বিগত আঠটা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত হোৱা বিভিন্ন উন্নয়নমূলক কামকাজৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ বাবেই দেশৰ ৰপ্তানি বৃদ্ধি পোৱা বুলি দাবী কৰে ।

বিশ্বগুৰুৰ আসনত উপবিষ্ট হʼবলৈ আগবঢ়া ভাৰতক উন্নতিৰ শিখৰলৈ নিবলৈ হʼলে আৰু দুটা কাৰ্যকালৰ বাবে বিজেপি শাসনত থাকিব লাগিব বুলি মন্তব্য কৰে । এচাম সাম্প্ৰদায়িক শক্তিয়ে ইয়াক বাধা দিয়াৰ চেষ্টা কৰাৰ লগতে এচাম লোকে ভাৰতক দুৰ্বল কৰাৰ চেষ্টা কৰি থকা বুলি মন্তব্য কৰি 2031 চনলৈকে জয়ৰ ধাৰাবাহিকতা বজাই ৰখাৰ বাবে দলৰ নেতা কৰ্মীসকলক আহ্বান জনায় । 2030 চনলৈকে ভাৰতত এজনো বিজেপিৰ বিৰোধিতা কৰা ব্যক্তি নথকা কৰাৰ আহ্বান জনায় মন্ত্ৰী সোণোৱালে ।

লগতে পঢ়ক:লখিমপুৰলৈ অশনি সংকেত : মুষলধাৰ বৰষুণৰ মাজতে নীপকোৱে এৰিছে প্ৰকল্পৰ পানী

ABOUT THE AUTHOR

...view details