ডিফু, ১৬ অক্টোবৰ: ডিফু চহৰৰ মাজেৰে বৈ যোৱা ডিফু নৈৰ সৌন্দৰ্যবৰ্ধন কামৰ পিছতেই এইবাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (Chief Executive Member Tuliram Ronghang) ডিফু চহৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আন এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ৷
ডিফু চহৰখনক সুন্দৰকৈ গঢ়ি তুলিবলৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এখোজ আগুৱাই গৈ এইবাৰ ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্ক তথা ডিফু চহৰৰ হৃদয়স্থলীত থকা ডিফু লেক'ৰ উন্নীতকৰণৰ মানসেৰে অত্যাধুনিক সা-সুবিধা থকা লেক'ৰ আধাৰশিলা স্থাপন কৰে (Development of diphu town lake for recreation) ৷
এই উপলক্ষে আজি যথা ৰীতি-নীতিৰে লেকটোৰ বাবে ভূমি পূজনো সম্পন্ন কৰা হয় ৷ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰি কয় যে, এম অ'এছৰ অন্তৰ্গত বিশেষ পুঁজিৰ জৰিয়তে ১৬ কোটি টকা ব্যয় সাপেক্ষে আজি ডিফু চহৰৰ মাজত অত্যাধুনিক সা-সুবিধাৰ লেকখন উন্নীত কৰিবলৈ ভূমি পূজন সম্পন্ন কৰি ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷ ইয়াৰ মেৰামতিৰ কাম এবছৰৰ ভিতৰতে সম্পন্ন কৰা হ’ব বুলিও জনায় তেওঁ ৷ আনহাতে এই লেক'ত ব'টিং, কেফেটেৰিয়া, কটেজ, গাৰ্ডেন আদিৰ দৰে উন্নত ব্যৱস্থাও উপলব্ধ থাকিব বুলি কয় ড৹ তুলিৰাম ৰংহাঙে ৷