অসম

assam

ETV Bharat / state

কাৰ্বিভূমিত বিৰোধী নাই: ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰামৰ - তুলিৰাম ৰংহাঙৰ সংবাদ মেল

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত ডিফুত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সংবাদ মেল (BJP victory in KAAC election 2022)। পূৰ্ণ সমৰ্থন জনোৱাৰ বাবে ৰাইজক ধন্যবাদ জনাই ৰংহাঙে ৷

BJP victory in KAAC election 2022
কাৰ্বিভূমিত বিৰোধী নাই: ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰামৰ

By

Published : Jun 13, 2022, 8:03 PM IST

ডিফু, ১৩ জুন: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত(KAAC election 2022) বিৰোধীক ধূলিস্যাৎ কৰি পৰিষদৰ ২৬ খন আসনেই দখল কৰি ইতিহাস সৃষ্টি কৰিলে ড৹ তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপিয়ে ৷ সোমবাৰে ডিফুত মুখ্য কাৰ্যবাহীৰ চৰকাৰী বাংলোত এক সংবাদমেলৰ আয়োজন কৰি বিজেপি দলক আশীৰ্বাদ আৰু মৰমেৰে পুনৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মচনদত অধিষ্ঠিত কৰোৱাৰ বাবে কাৰ্বি আংলঙৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে তুলিৰাম ৰংহাঙে (BJP victory in KAAC election 2022) ৷

তেওঁ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব আৰু প্ৰচাৰলৈ অহা দলৰ প্ৰতিগৰাকী নেতাক ধন্যবাদ জনায় ৷ ৰংহাঙে কয় যে, কাৰ্বি আংলঙৰ বাবে এই নিৰ্বাচনে ইতিহাস সৃষ্টি কৰিছে । পূৰ্বে কোনো দলকে এনেদৰে পূৰ্ণ সমৰ্থন জনোৱা নাছিল ৰাইজে ৷ এতিয়াৰে পৰা পৰিষদে ৰাইজৰ সেৱাত ১০০ শতাংশ আত্মনিয়োগ কৰিব বুলি আশ্বাস প্ৰদান ৰংহাঙৰ (KAAC election 2022 result)।

ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰাম ৰংহাঙৰ

তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে যে, কাৰ্বি শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰা হ'ব‌ ৷ চৰকাৰৰ সকলো আঁচনি সঠিকভাৱে ৰূপায়ন কৰা হ'ব ৷ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব ৷ পৰ্যটন ক্ষেত্ৰতো বিকাশ সাধন কৰা হ'ব ৷

পৰিষদৰ বৃদ্ধি হ'ব লগা আসনত শান্তি চুক্তি কৰি বিজেপিত যোগদান কৰা বিদ্ৰোহী সংগঠনৰ নেতৃত্বক ৰাজনৈতিক সংস্থাপন দিয়া হ'ব বুলি জানিবলৈ দিয়ে তুলিৰাম ৰংহাঙে । পৰিষদত বিৰোধী শূন্য হ'ব যদিও ৰাইজেই বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিব লাগিব বুলি তেওঁ কয় । লগতে বিৰোধী দলসমূহকো ধন্যবাদ জনাই বিজেপিৰ ওপৰত তেওঁলোকৰো আশীৰ্বাদ আছে বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক :KAAC election result 2022: ক'ত কোন কোন প্ৰাৰ্থীয়ে কৰিলে জয়লাভ

ABOUT THE AUTHOR

...view details