অসম

assam

ETV Bharat / state

ডিফু টাউনক 'ডিফু চিটি' হিচাপে ঘোষণা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

গুৱাহাটীৰ পৰা প্ৰকাশিত এটা টিভি চেনেল আৰু কাকতৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত 100 কোটি টকাৰ দেওৱানী মানহানি গোছৰ তুলিৰাম ৰংহাঙৰ ৷

By

Published : Jun 20, 2019, 7:58 AM IST

ডিফু টাউনক 'ডিফু চিটি' হিচাপে ঘোষণা মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

ডিফু,19জুনঃ ডিফুবাসীৰ বাবে এটি সুখবৰ ৷ এতিয়াৰে পৰা ডিফু টাউন 'ডিফু চিটি' হিচাপেহে জনাজাত হ'ব ৷ বুধবাৰে ডিফুৰ কাছা স্পৰ্টচ কমপ্লেক্সত আয়োজন কৰা সংবাদমেল যোগে এই সুখবৰ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ইতিমধ্যে,কাৰ্বি স্বায়ত্ত শাসিত পৰিষদক চি আই ডি এছ আঁচনিৰ অধীনত 100 কোটি আবণ্টন পোৱা বুলি জানিব দিয়ে তুলিৰাম ৰংহাঙে ৷ বৰ্তমান,আংলং স্বায়ত্ত পৰিষদে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব দিছে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

ডিফু টাউনক চিটিলৈ পৰিৱৰ্তিত কৰাৰ বাবে চিটিখনৰ আন্ত: গাঁথনি আৰু সম্প্ৰসাৰণৰ বাবে ল'বলগীয়া কাৰ্য্যব্যৱস্থা সমূহ চলিত বৰ্ষতে দ্ৰুতগতিত সমপন্ন কৰা হব বুলি জনায় ৰংহাঙে ৷ আঁচনিখনৰ অধীনত নলা- নৰ্দমা,ষ্ট্ৰীট লাইট,পথ নিৰ্মাণ,সংলগ্ন পথ,প্ৰতি ৱাৰ্ডত সৌৰ চাকি আৰু চহৰখন প্ৰসাৰিত কৰাৰ কাৰণে আৰু যান- বাহনৰ বাবে যাতে সুব্যৱস্থা হয় তাৰ বাবে ডিফু ৰিক্ৰিয়েছন পাৰ্কৰ ওচৰত ৫০ বিঘা ভূমি লোৱা হৈছে,য'ত বাছ, ট্ৰাক আৰু অট' ষ্টেণ্ড স্থাপন কৰা হব আৰু প্ৰত্যেক ৱাৰ্ডৰ পথ সমূহত ৰংচঙীয়া পেভাৰ্ট ব্লক লগোৱাৰ লগতে একোখনকৈ জিৰণি চ' ৰা নিৰ্মাণ কৰা আৰু ৱাৰ্ড সমূহত চিচি টিভি কেমেৰা স্থাপন কৰা হব বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য জনে ৷

ডিফু টাউনক 'ডিফু চিটি' হিচাপে ঘোষণা মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

উল্লেখযোগ্য যে,আজিৰ সংবাদ মেলত জিলাখনত জলসিঞ্চন বিভাগত কেলেংকাৰীৰ বাতৰিক বাৰে বাৰে অতিৰঞ্জিত কৰি আৰু উত্থাপিত কেলেংকাৰীৰ অভিযোগত তেওঁৰ পুত্ৰ কণ্যাৰ নামো সাঙুৰি লোৱা কাৰ্য হাস্যকৰ আৰু ষড়যন্ত্ৰমূলক বুলি আখ্যা দিয়ে ৰংহাঙে ৷ ইতিমধ্যে এই সংক্ৰান্তত দাখিল কৰা 107/15 নম্বৰৰ পিআইএলৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে 2018 বৰ্ষৰ 30 নৱেম্বৰত তেওঁক ক্লীনশ্বিট দি থৈছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে বিগত কিছুদিন ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত ব্যক্তিগত খণ্ডৰ এটা টিভি চেনেল আৰু কাকতে তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠপুত্ৰৰ দিল্লীত চিকিৎসাত ব্যস্ত হৈ থকাৰ সময়ত কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে দূৰ্নীতি- কেলেংকাৰীত লিপ্ত বুলি প্ৰকাশিত ধাৰাবাহিক বাতৰিৰ অভিযোগ খণ্ডন কৰি তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ভিত্তিহীন আৰু ৰাজনৈতিক ষড়যন্ত্ৰমূলক বুলি উল্লেখ কৰে সংবাদমেলত ৷ তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ প্ৰমাণ কৰিব পাৰিলে তেওঁ ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল'ব বুলিও ঘোষণা কৰে তুলিৰাম ৰহাঙে ৷ ইয়াৰোপৰি,তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে উল্লেখিত চেনেল আৰু কাকতৰ বিৰুদ্ধে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত 100 কোটি টকাৰ দেওৱানী মানহানি গোচৰ ৰুজু কৰা বুলি সংবাদ মেলত সদৰী কৰে তুলিৰাম ৰহাঙে ৷

ABOUT THE AUTHOR

...view details