অসম

assam

ETV Bharat / state

নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ

কাৰ্বি আংলঙত কেঞ্চাৰ কেয়াৰ স্থাপনৰ বিষয়লৈ নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ ৷

By

Published : Oct 12, 2019, 12:18 AM IST

নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ

ডিফু, ১১ অক্টোবৰঃ বৃহস্পতিবাৰে নতুন দিল্লীত কাৰ্বি আংলঙত কৰ্কট ৰোগ আৰোগ্যৰ সুবিধাৰ্থে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু টাটা ট্ৰাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীব চোপ্ৰা, টাটা ট্ৰাষ্টৰ লেফটেনেন্ট জেনেৰেল এভিএম এমডি, সহস্ৰ বাহিনীৰ জেনেৰেল হাস্পাতালৰ চাৰ্ভিছৰ পৰিচালক আৰু কামাণ্ডেণ্টৰ মাজত এক সৌহাৰ্দপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷ আলোচনা কালত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত ২০১৯ ৰ ভিতৰত কাৰ্বি আংলং জিলাত কেঞ্চাৰ কেয়াৰ স্থাপনৰ কথাই স্থান লাভ কৰে ৷ আলোচনাত কেঞ্চাৰ কেয়াৰ স্থাপনৰ ফলত সমাজৰ সুবিধা পৰা বঞ্চিত শ্ৰেণীয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৷ লগতে পকেট ব্যয় হ্ৰাস পোৱাৰ সমান্তৰালকৈ গুণগত কৰ্কট চিকিৎসা প্ৰাপ্ত হ'ব ৷ পূৰ্বে প্ৰকাশ হৈছিল যে, টাটা ট্ৰাষ্ট সমূহে দক্ষতাৰ সৈতে কৰ্কট পৰিচালনাৰ বাবে প্ৰান্তিক সমাধান সন্ধানৰ বাবে প্ৰয়াস চলাই আছে যাতে জনসাধাৰণৰ কাষলৈ যোৱাৰ সময়ত সচেতনতা, প্ৰতিৰোধ আৰু প্ৰাথমিক চিনাক্তকৰণৰ জৰিয়তে কৰ্কট ৰোগৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস পাব পাৰে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details