ডিফু,18 জুনঃ খটখটী আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চোৰ চক্ৰ ৷ সোমবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত আৰক্ষীয়ে অভিযান চলাই তিনিচুকীয়াৰ পৰা চুৰি হোৱাWB-19G-7465নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাণ্ডৰ লগত জড়িত 8 জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়াৰ পৰা চাহপাত ভৰ্তি ট্ৰাকখন গুৱাহাটীলৈ যাব লাগিছিল যদিও গাড়ীখনৰ চালক-হেণ্ডিমেনৰ সহযোগত গুৱাহাটীৰ পৰিৱৰ্তে গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগালেণ্ডৰ ডিমাপুৰলৈ হাইজেক কৰা হৈছিল ট্ৰাকখন ।
খটখটিত উদ্ধাৰ চাহপাত ভৰ্তি চুৰি ট্ৰাক - নাগালেণ্ড
খটখটী আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চোৰ চক্ৰ ৷ চাহপাত ভৰ্তি চুৰি ট্ৰাক উদ্ধাৰ ৷ চালক-হেণ্ডিমেনসহ 8 জনক আটক ৷
বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি খটখটি আৰক্ষীয়ে চালক-হেণ্ডিমেনসহ আটক কৰা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে চালক গোলাঘাট জিলাৰ বিশ্বকৰ্মা (30), গাড়ীখনৰ হেণ্ডিমেন কাৰ্বি আংলং জিলাৰ সুমন ছেত্ৰী (25), মণিপুৰৰ সেনাপতি জিলাৰ গিলবাৰ্ট পাও (36), কাৰ্বি আংলং জিলাৰ সোবুধ যাদৱ (37), নগালেণ্ডৰ ডিমাপুৰ জিলাৰ ক্ৰমে ৰাণা চৌধুৰী (35), বিকি দেৱ (39), কিৱী কিহ' (29), কাৰ্বি আংলং জিলাৰ স্বৰূপ চাহানীক (49) ৷
উল্লেখ্য যে,গাড়ীখনত জিপিএছ ব্যৱস্থা থকা বাবেই সহজে গাড়ীচোৰ চক্ৰটো আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে ৷ উক্ত চোৰৰ দলটোৱে সামগ্ৰী ভৰ্তি ট্ৰাকখন হাইজেক কৰি ডিমাপুৰত বিক্ৰীৰ পৰিকল্পনা কৰি থাকোতেই খটখটি আৰক্ষীৰ জালত পৰে । ঘটনা সন্দৰ্ভত খটখটি আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যহত ৰাখিছে ৷