ডিফু, 11 জুলাই : ক'ভিডসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে দেওবাৰে বৃহৎ পৰিমানৰ গাঞ্জাসহ কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীৰ জালত পৰিছে এজন গাঞ্জা সৰবৰাহকাৰী ৷ ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়া, উপ-পৰিদৰ্শক হীৰকজ্যোতি দাস আৰু সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা নিয়মীয়া তালাচীত জালত পৰে সৰবৰাহকাৰীটো ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে বিশেষ অভিযান চলাইছিল ৷ উক্ত তালাচীত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-০১-CC-6593 নম্বৰৰ ট্ৰাকখনৰ পৰা দুটা পেকেটত ভৰাই অনা অৱস্থাত প্ৰায় 21 কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ হোৱা ভাংখিনি ট্ৰাকখনৰ চালকৰ আসনৰ তলত কৌশলেৰে লুকুৱাই অনা হৈছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ লগতে গাঞ্জাখিনি অবৈধভাৱে সৰবৰাহ কৰি অনাৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনকো গ্ৰেপ্তাৰ কৰিছে ৷