অসম

assam

By

Published : Dec 7, 2020, 9:35 PM IST

ETV Bharat / state

শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ চাৰিজনৰ

৩৯ নং ৰাষ্ট্রীয় ঘাইপথত ট্ৰাক আৰু টাটা চুমুৰ মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে চাৰিজনকৈ লোকে ৷ নাগালেণ্ডৰ লংলিঙৰ বাসিন্দা পকচাম, আবং, কান্দাত আৰু য়ংকাই দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৷

বোকাজানৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন নিহত
বোকাজানৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন নিহত

ডিফু,7 ডিচেম্বৰ: বোকাজানৰ বাঘজানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কাৰ্বি আংলং জিলাৰ বোকাজানৰ ৩৯ নং ৰাষ্ট্রীয় ঘাইপথত ট্ৰাক আৰু টাটা চুমুৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে চাৰিজনকৈ লোকে ৷ সোমবাৰে লংলেঙৰ পৰা ডিমাপুৰলৈ আত্মীয় বিয়ালৈ গৈ থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

গোলাঘাট অভিমুখী AS-21-7654 নম্বৰৰ ট্ৰাকখনৰ খুন্দাত NL-07-T-0526 টাটা চুমুখনত থকা চাৰিজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ৷ নিহত আটাইকেইজন নাগালেণ্ডৰ লংলিঙৰ বাসিন্দা ক্ৰমে পকচাম, আবং, কান্দাত আৰু য়ংকাই বুলি জানিব পৰা গৈছে ৷ আনহাতে আহত দুজনক বোকাজানৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক:যোৰহাট বি.এচ.এন.এলৰ কাৰ্যালয়ত কৰ্মচাৰীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details