অসম

assam

ETV Bharat / state

Two persons death: কুঁৱা খান্দিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে একে পৰিয়ালৰ দুজনে

নিজ ঘৰৰ কুঁৱা খান্দিবলৈ গৈ প্ৰাণ হেৰুৱাই ভিনিহি আৰু খুলশালীয়ে ৷ প্ৰথমে এজন কুঁৱাত নামিবলৈ গৈ বাগৰি পৰা প্ৰত্যক্ষ কৰি আনজনেও প্ৰথমজনক বচাবলৈ গৈ বাগৰি পৰে কুঁৱাৰ ভিতৰত ৷

TWO PERSONS DEATH INSIDE INKWELL AT MANJA
কুঁৱা খান্দিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে ভিনিহি খুলশালীয়ে

By

Published : Jul 30, 2023, 7:52 PM IST

কুঁৱা খান্দিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে ভিনিহি খুলশালীয়ে

ডিফু, ৩০ জুলাই: দেওবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংবং পথাৰৰ ২ নং জাৰি টেৰণ গাঁৱত দেওবাৰে পুৱা প্ৰায় ৮.৩০ মান বজাত নিজ ঘৰৰ কুঁৱা খান্দিবলৈ গৈ প্ৰাণ হেৰুৱাই ভিনিহি আৰু খুলশালীয়ে ৷

প্ৰথমে এজন কুঁৱাত নামিবলৈ গৈ বাগৰি পৰা প্ৰত্যক্ষ কৰি আনজনেও প্ৰথমজনক বচাবলৈ গৈ বাগৰি পৰে কুঁৱাৰ ভিতৰত ৷ পিচত উক্ত ঘটনাৰ খবৰ লাভ কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এমএচি কৃষ্ণ ভট্টৰায়ে স্থানীয় মাঞ্জা আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী লগতে স্থানীয় ৰাইজৰ সহযোগত লোক দুজনক কুৱাৰ ভিতৰৰ পৰা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

পিচলৈ লোক দুজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে ৷ মৃত লোক দুজনক গণেশ ৰায় (৪৫) আৰু ৰাহুল ছেত্ৰী (৩০) বুলি চিনাক্ত কৰা হৈছে ৷

আনহাতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এমএচি কৃষ্ণ ভট্টৰায়ে ঘটনাস্থলীত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে দুয়োগৰাকী লোকৰ আত্মাৰ সদগতি কামনা কৰে ৷

উল্লেখযোগ্য যে, অতিশয় দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কৰা লোক দুজনৰ অকাল বিয়োগত পৰিয়ালটোলৈ গভীৰ অন্ধকাৰ নামি আহিছে ৷ ভুক্তভোগী পৰিয়ালটোৱে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু সিংহাসন পৰিষদৰ স্থানীয় এমএচি তথা পৰিষদৰ ইএম অমৰচিং তিচ'ক কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক:Bhabesh Kalita: সভাপতি পদৰ পৰা আঁতৰি যাব নেকি ভৱেশ কলিতা !

ABOUT THE AUTHOR

...view details