Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন
লাহৰীঘাট থানাৰ ভিতৰত কিশোৰক বৰ্বৰোচিত নিৰ্যাতন ৷ ঘটনাত জড়িত আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন ৷ উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰে জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷
পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ
মূল্যবৃদ্ধিৰ বোজা সহিব নোৱাৰা সাধাৰণ লোকৰ মূৰত পুনৰ ৰামটাঙোন ৷ মূল্যবৃদ্ধি ঘটোৱা হৈছে পেট্ৰ’পণ্যৰ লগতে ঘৰুৱা কাৰ্যত ব্যৱহৃত চিলিণ্ডাৰৰ ৷ মঙলবাৰৰে পৰা কাৰ্যকৰী কৰা হ’ব এই মূল্য ৷
জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব: মুখ্যমন্ত্ৰী
চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে ৷ বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠদিনা এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
Barpeta advocate murder case: অধিবক্তা ৰিণিমা হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক আটক
অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক আটক কৰা হৈছে ৷ সোমবাৰে সন্ধিয়া তিনিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰিছিল যুৱতী অধিবক্তাগৰাকীক ৷
খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ
পশ্চিম কাৰ্বি আংলঙত এনকাউন্টাৰত আহত ধৰ্ষণৰ অভিযুক্ত ৷ দুটিকৈ শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৰিন্দ্ৰ ৰামক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় অভিযুক্তটো ৷