ডিফু, 15 ফেব্রুৱাৰী : শান্তি, ঐক্য আৰু সম্প্রীতিৰ মহান বাণীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে 47 সংখ্যক কার্বি যুৱ মহােৎসৱ ৷ কার্বি সকলৰ বর্ণাঢ্য কৃষ্টি সংস্কৃতিৰ চর্চাৰ অন্যতম আকষণীয় ক্ষেত্র হিচাপে বিগত সময়ছােৱাত বিশাল সাংস্কৃতিক প্রেক্ষাপটত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হােৱা তাৰালাংছ'ত বিগত বর্ষসমূহৰ দৰে আৰম্ভ হৈছে যুৱ মহােৎসৱ ৷
কার্বি সকলৰ স্বকীয় তথা অন্যতম আকর্ষণীয় সাংস্কৃতিক বৈশিষ্ট্যৰ প্রদর্শনৰ অন্যতম গুৰুত্বপূর্ণ আকর্ষণীয় ক্ষেত্র হিচাপে ইতিমধ্যে দেশে-বিদেশে ইয়াৰ খ্যাতি অর্জন কৰিবলৈ সক্ষম হােৱা তাৰালাংছ’ত সমবেত হ'বলগীয়া অগণন শিল্পী তথা সংস্কৃতিপ্রেমী ৰাইজক আদৰিবলৈ সকলাে ধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে ।
প্রাকৃতিকভাৱেই সৌন্দর্যময় তাৰালাংছক আয়ােজক সমিতিয়ে দিনে নিশা একাকাৰ কৰি কৰা শ্রমেৰে অধিক সুন্দৰ আৰু আকর্ষণীয় কৰি তােলাৰ ক্ষেত্রত যত্নৰ কোনাে ক্ৰটী কৰা নাই । মহােৎসৱত মুঠ 30 টা মাণ্ডলিক সাংস্কৃতিক দলে অংশগ্রহণ কৰিব বুলি কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্ৰৱে জানিবলৈ দিছে । ইয়াৰে 25 টা সাংস্কৃতিক দল কার্বি আংলং জিলাৰ স্থানীয় শিল্পীৰ হােৱাৰ উপৰিও এইবাৰ বিশ্বনাথ চাৰিআলি, গুৱাহাটী, সােণাপুৰ, মেঘালয় আৰুৱ বৰাক উপত্যকাৰ পৰাও একোটাকৈ সাংস্কৃতিক দলে মহােৎসৱত অংশগ্রহণ কৰিব ।
লগতে পঢ়ক :দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ
উল্লেখযােগ্য যে, তাৰালাংছৰ কার্বি যুৱ মহােৎসৱস্থলীত অধিক আকর্ষণীয় কৰি তােলাৰ ক্ষেত্রত বিগত সময়ছােৱাত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হৈছে । বিশেষকে মহােৎসৱক্ষেত্রলৈ প্রৱেশৰ বাটপথ অতি সুন্দৰকৈ নির্মাণ কৰি উলিওৱাৰ লগতে মহােৎসৱস্থলীত সম্মুখত সাজি উলিওৱা এক সুবৃহৎ প্রৱেশ তােৰণৰ সোমবাৰে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।