অসম

assam

ETV Bharat / state

যুদ্ধ জয়ৰ আখৰা: কাৰ্বি পাহাৰত আশ্বাসৰ ঢল বোৱাই মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

কাৰ্বি পাহাৰৰ সিংহাসন দখলৰ বাবে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰতিটো সমষ্টিতে প্ৰচাৰ চলাইছে ৷ বৃহস্পতিবাৰৰ দিনটোত কাৰ্বি আংলঙত চাৰিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa sarma campaign in Karbi Anglong)৷

Himanta Biswa sarma campaign in Karbi Anglong
Himanta Biswa sarma campaign in Karbi Anglong

By

Published : Jun 2, 2022, 9:30 PM IST

ডিফু, 2 জুন : কাৰ্বি পাহাৰত এতিয়া বলিছে নিৰ্বাচনৰ প্ৰৱল বতাহ (KAAC election 2022)৷ অহা 8 জুনত হ’ব কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ দখলৰ যুঁজত নামিছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহ ৷ পূৰ্বৰ দৰে এইবাৰো পৰিষদ নিজৰ দখললৈ আনিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে বিজেপি দলে (BJP campaign for KAAC election) ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ পৰিষদীয় সমষ্টিৰ সংখ্যা হৈছে 26 টা ৷ আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ইতিমধ্যে নিৰ্বাচনী যুঁজত নামি পৰিছে বিজেপিৰ বাঘা বাঘা নেতা ৷

কাৰ্বি পাহাৰৰ সিংহাসন দখলৰ বাবে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰতিটো সমষ্টিতে প্ৰচাৰ চলাইছে ৷ লগত আছে পীযুষ হাজৰিকা, যোগেন মহন, ডাঃ নোমল মমিন, বিমল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপি নেতাসকল ৷ নিতৌ কাৰ্বি ভূমিত তিনি-চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে মুখ্যমন্ত্ৰী শৰ্মাই ৷ ৰাইজক আশ্বাস দিছে কাৰ্বি পাহাৰৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ ৷

কাৰ্বি পাহাৰত আশ্বাসৰ ঢল বোৱাই মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

যোৱা 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভ্ৰমণ কৰি গৈছে কাৰ্বি পাহাৰ (PM Modi in Karbi Anglong) ৷ বিজেপি জয়ী হ’লে কাৰ্বি আংলঙত বৰ্তি থকা বিভিন্ন সমস্যাৰাজি সমাধান কৰি জিলাখনক এখন উন্নত জিলাত পৰিণত কৰাৰো আশ্বাস দিছে বিজেপি নেতাসকলে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত কাৰ্বি আংলঙত চাৰিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa sarma campaign in Karbi Anglong)৷ এই সভাকেইখন অনুষ্ঠিত হৈছিল ক্ৰমে ডেনগাঁও, হামৰেং, ধনশিৰি আৰু হাওৰাঘাটৰ ভেলুগুৰিত ৷ আটাইকেইখন সভাতে যথেষ্ট সংখ্যক লোকৰ সমাবেশ পৰিলক্ষিত হয় ৷

ধনশিৰি সমষ্টিত দিনটোৰ তৃতীয়খন সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ধনশিৰিত বিজেপি প্ৰাৰ্থী তিলোত্তমা হাষ্ণুৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ৷ ধনশিৰি নদীৰ গৰাখহনীয়া ৰোধৰ লগতে ধনশিৰিক মহকুমা ঘোষণা কৰা হ'ব বুলি আশ্বাস মুখ্যমন্ত্ৰীৰ । ডিফুৰ পৰা তিলা বস্তিলৈ ৩৭ কিলোমিটাৰ পথচোৱা সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব বুলিও ৰাইজক মুখ্যমন্ত্ৰীৰ আশ্বাস ৷ ধনশিৰিৰ কাৰ্বি আংলং-নগালেণ্ড সীমান্তত কামাণ্ডো বেটেলিয়েনৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই PPE Kit ক্ৰয় কৰা সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে একাংশই বহু অভিযোগ উত্থাপন কৰে যদিও ফলাফলৰ পিছতে সকলো নিতাল মাৰে ৷ অহা ৯ জুনত পাহাৰৰ পৰা এগৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত ল’ব বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ অহা 6 জুনত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ ৷

লগতে পঢ়ক :Assam cabinet expansion: অহা ৯ জুনত সম্প্ৰসাৰিত হ’ব অসম মন্ত্ৰীসভা !

ABOUT THE AUTHOR

...view details