অসম

assam

হাওৰাঘাটত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাসঃ আহত 1

By

Published : Jul 29, 2020, 8:15 PM IST

জীতেন খাখলাৰী(৩৫) নামৰ এগৰাকী কৃষকে আজি পুৱা 11 বজাত পথাৰত কঠিয়া তুলি থকা অৱস্থাতে হঠাৎ কৃষকগৰাকীক আক্ৰমণ কৰে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে ৷ ইয়াৰ পিছতে আহত কৃষকগৰাকীক হাওৰাঘাটৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

Tiger Terror in Howraghat
হাওৰাঘাটত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাসঃআহত 1

ডিফু,29 জুলাইঃ শেহতীয়া জৰীপ অনুসৰি অসমত বৃদ্ধি পাইছে বাঘৰ সংখ্যা ৷ বাঘ বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ হোৱাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ যমুনাগাঁৱত বাঘৰ আক্ৰমণত এগৰাকী কৃষক গুৰুতৰভাবে আহত হ'বলগীয়া হয়।

হাওৰাঘাটত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাসঃআহত 1

জানিব পৰা মতে,জীতেন খাখলাৰী(৩৫) নামৰ কৃষকগৰাকীয়ে আজি পুৱা 11 বজাত পথাৰত কঠিয়া তুলি থকা অৱস্থাতে হঠাৎ কৃষকগৰাকীক আক্ৰমণ কৰে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে ৷ ইয়াৰ পিছতে আহত কৃষকগৰাকীক হাওৰাঘাটৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ইপিনে আক্ৰমণ সংঘটিত কৰি বাঘটো সমীপতে থকা এখন হাবিলৈ পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাৰ পিছতে হাওৰাঘাট আৰক্ষী আৰু বন বিভাগৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটো বশ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।আনহাতে,বাঘৰ আক্ৰমণত আহত জীতেন খাখলাৰী সম্প্ৰতি বিপদমুক্ত বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃবানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details