ডিফু, ১৮ আগষ্ট :দীৰ্ঘদিন ধৰি কাৰ্বি আংলঙত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ শুকুৰবাৰে বোকাজান মহকুমাৰ ডিলাই আৰু লাহৰিজানত দুটাকৈ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰথমটো ঘটনাত, শুকুৰবাৰে এক গোপন খবৰৰ ভিত্তিত জিলা ASP (নিৰাপত্তা) জন দাসৰ নিৰ্দেশ মৰ্মে খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত এছআই (পি) স্বমধন স্বৰ্গীয়াৰী তথা থানাৰ কৰ্তব্যৰত আৰক্ষীয়ে লাহৰিজানত এঘৰ লোকৰ বাসগৃহত অভিযান চলাই ৫৮'৮১ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ হেৰ’ইনখিনি মজুত ৰখাৰ লগতে ড্ৰাগছৰ বেহাত জড়িত থকাৰ সন্দেহত হোজাই জিলাৰ ডবকা থানা অন্তৰ্গত সুতাৰ গাঁৱৰ নাছিৰ উদ্দিনৰ পুত্ৰ দিলোৱাৰ হুছেইন (২৩) আৰু পত্নীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷