ডিফু, ১১ আগষ্ট: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাত অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান ৷ শুকুৰবাৰে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰু লাহৰিজানত দুটা পৃথক অভিযানত পুনৰ উদ্ধাৰ কৰা হৈছে বুজন পৰিমানৰ মৰফিন ৷
প্ৰাপ্ত খবৰ অনুসৰি, প্ৰথমটো অভিযানত কাৰ্বি আংলং আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) জন দাস, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈয়ে , চি আৰপি এফৰ চি ২০ নং বেটেলিয়ন আৰু খটখটী থানাৰ ষ্টাফৰ সহযোগত বিয়লি ৪.৩০ মান বজাত খটখটী আৰক্ষী থানাৰ অন্তৰ্গত বালিজানত এক বিশেষ নাকা তালাচী চলায় ৷ এই তালাচীতে ৭৭৬'৬ গ্ৰাম মৰফিনসহ দুজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে স্থাপন কৰা নাকা তালাচীৰ সময়ত এখন এফ জেড মটৰ চাইকেলেৰে ডিমাপুৰ দিশৰ পৰা খটখটী দিশলৈ আহি থকা দুজন যুৱকৰ পৰা এই মৰ্ফিনখিনি উদ্ধাৰ কৰা হৈছে ৷ এই মৰফিনখিনি সৰবৰাহৰ লগত জড়িত যুৱক দুজন ক্ৰমে নাগালেণ্ডৰ থংগিন চংলই (২৬) আৰু মণিপুৰৰ পাওলেন চংলই (৪০)ক আৰক্ষীয়ে আটক কৰে ৷