ডিফু, 19 এপ্ৰিল :ৰাজ্য চৰকাৰ আৰু পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সিমানেই একাংশ উদণ্ড চালকৰ দৌৰাত্ম্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে পুৱতি নিশা ডকমকা থানা ডেনগাঁও এলেকাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ( Road accident in Karbi Anglong) ৷ এই দুৰ্ঘটনাৰ ফলত এজন লোক আহত হোৱাৰ লগতে থিতাতে তিনিজন লোক নিহত হয় (Three persons died in a road accident ) ৷
মৃতকৰ পৰিয়ালে সাংদিকক জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে পুৱা হাবিৰ পৰা বাঁহ আনিবলৈ গৈছিল নিহাং তিমুং গাঁৱৰ বিৰেণ ইংতি, ছাৰ্থে তিমুং আৰু মনাই ৰংহাং গাঁৱৰ লুণছে ৰংপি আৰু ধনছিং টেৰণ ৷ ডেনগাঁৱৰ ৰাস্তাৰ কাষতে বাঁহ লৈ চাৰিওজন ৰৈ থকাৰ সময়ত অচিনাক্ত বাহন এখনে তীব্ৰ বেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে চাৰিওকে (Road accident at Dengaon ) ৷
কাৰ্বি আংলঙৰ ডেনগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা বাহনখনৰ খুন্দাতবিৰেণ ইংতি, ছাৰ্থে তিমুং আৰু লুণছে ৰংপিৰ থিতাতে মৃত্যু হয় ৷ লগতে ধনছিং টেৰণ গুৰুতৰভাৱে আহত হয় ( One injured in road accident) ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয়লৈ (Diphu Medical College) প্ৰেৰণ কৰে ৷
লগতে আহত লোকজনকো উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে ঘটনা সংঘটিত কৰা অচিনাক্ত বাহনখন বকলীয়াঘাটৰ দিশৰ পৰা নগাঁও অভমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ মৃতকৰ পৰিয়ালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক:Eviction Drive in Hojai : হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ