ডিফু, 18 ডিচেম্বৰ :শুকুৰবাৰে সন্ধিয়া বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংটিত হয় পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰদুপথাৰত সংঘটিত দুৰ্ঘটনাটোত AS-02 V-4208 নম্বৰৰ এখন মটৰচাইকেলে খুন্দিয়াই এগৰাকী চাইকেল আৰোহীক ৷
বকলীয়াটত পথ দুৰ্ঘটনাত আহত 3 লোক - three people injured by an accident
বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত তিনিগৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে ৷ বাইক আৰু চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
![বকলীয়াটত পথ দুৰ্ঘটনাত আহত 3 লোক বকলীয়াটত সংঘটিত পথ দুৰ্ঘটনাত আহত 3 লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9925699-1083-9925699-1608302124334.jpg)
বকলীয়াটত সংঘটিত পথ দুৰ্ঘটনাত আহত 3 লোক
যাৰ ফলত চাইেকেল আৰোহী গৰাকী গুৰুতৰভাৱে আহত হয় ৷ আহত চাইকেল আৰোহী গৰাকীৰ নাম বিলিফাং বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি বাইক চালক ৰাকেশ ধ্ৰুপ গৌড় আৰু আৰোহী আমিনা সন্দীপ নামৰ যুৱতী গৰাকীও আঘাতপ্ৰাপ্ত হয় ৷ তিনিও গৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁলোকক ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক:পহিলা জানুৱাৰীৰ পৰা পুনঃআৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ উৎপাদন কাৰ্য