ডিফু, 10 জুলাই : ৰাজপথত ট্ৰাক চালকৰ উদ্ভণ্ডালি ৷ ডিফু-মাঞ্জা পথৰ বিৰলা তিনি আলিত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Diphu) ৷ দেওবাৰে বিয়লি ডিফুৰ পৰা মাঞ্জা অভিমুখে গৈ থকা দহ চকীয়া তীব্ৰবেগী চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় শিশুসহ এগৰাকী মহিলাক (Three people dead in Road accident) ৷
নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে ডিফু দিশৰ পৰা খোজ কাঢ়ি আহি থকা এটি শিশুৰ সৈতে মহিলা এগৰাকী আৰু মাঞ্জা দিশৰ পৰা আহি থকা NL ০৭ R ২৭৪৪ নম্বৰৰ মটৰ চাইকেলখনৰ চালকক মহতিয়াই লৈ যায় ৷ ট্ৰাকখনৰ তলত আৱদ্ধ হৈ থিতাতে কৰুণ মৃত্যুক সাৱটি লয় মটৰ চাইকেলৰ চালক সহ শিশু আৰু মহিলাগৰাকীয়ে ৷
লগে লগে দুৰ্ঘটনাস্থলীত ডিফু আৰক্ষী (Diphu police) আৰু চিআৰপিএফৰ (CRPF) লোক উপস্থিত হয় ৷ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত এখন জেচিবি আৰু কেৰেঙৰ সহায়ত প্ৰায় ডেৰঘণ্টা সময়জুৰি অভিযান চলাই মৃত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷