কাৰ্বি আংলং,16 চেপ্তেম্বৰঃচোৰৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷ অভিযানত কামপুৰ ৰেল'ৱে ষ্টেচনৰ পৰা আটক এটা গভাইত চোৰ ৷ আটক কৰা চোৰটোৰ নাম গোবিন্দ ৷ বিগত বহু দিন ধৰি কামপুৰ,বৈঠালাংছ,লংকা নগাঁও আদিৰ বিভিন্ন লোকৰ ঘৰ আৰু দোকান সমূহত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গোবিন্দই ৷ দেওবাৰে শতবৰ্ষ গৰকা 'বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰৰ পৰা মন্দিৰৰ দান পাত্ৰ ভাঙি নগদ ধনসহ এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি,কেইবাবিধো মুল্যৱান সামগ্ৰী লৈ গৈছিল চোৰে ৷
বৈঠালাংছত গভাইত চোৰ আটক - বৈঠালাংছ
বিগত বহু দিন ধৰি কামপুৰ,বৈঠালাংছ,লংকা,নগাঁও আদিৰ বিভিন্ন লোকৰ ঘৰ আৰু দোকান সমূহত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ধৃত গোবিন্দ নামৰ চোৰটোৱে ৷

বৈঠালাংছত গভাইত চোৰ আটক
বৈঠালাংছত গভাইত চোৰ আটক
আটক কৰা গোবিন্দৰ পৰা আৰক্ষীয়ে এটা লেপটপ,মোবাইল,সোণৰ চেইন,টকা আদিৰ উপৰিও মন্দিৰৰ বহু সামগ্ৰী উদ্ধাৰ কৰে ৷ সম্প্ৰতি বৈঠালাংছ আৰক্ষীয়ে গোবিন্দক জেৰা অব্যাহত ৰাখিছে ৷
Last Updated : Sep 16, 2019, 7:40 AM IST