ডিফু, 21 মাৰ্চ: ডিফু মেডিকেল কলেজ হাস্পাতালত চিকিৎসা কৰাবলৈ আহি সৰ্বস্বান্ত হ'ল এগৰাকী মহিলা ৷ চোৰে চুৰি কৰি নিলে ডিফু ৰুকাচেনৰ জয়শ্ৰী ৰাজবংশী নামৰ মহিলাগৰাকীৰ লক্ষাধিক টকাৰ সোণৰ গহনা, আ-অলংকাৰ, ম’বাইল ফোন আৰু নথি-পত্ৰ ৷ নিজৰ ৰোগগ্ৰস্ত বৃদ্ধা মাতৃৰ চিকিৎসাৰ বাবেই ডিফু মেডিকেল কলেজ হাস্পাতালত চিকিৎসা কৰাবলৈ গৈছিল পৰিয়ালটোৱে ৷
ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে নিশা মহিলাগৰাকীয়ে নিজ ৰুগীয়া বৃদ্ধা মাতৃক হাপানী ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ মৰ্মে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মেডিচিন বিভাগৰ মহিলা ৱাৰ্ডৰ 6 নং বিছনাত ভৰ্তি কৰাইছিল৷ কিন্তু যোৱা নিশা ৰুগীয়া মাকৰ সৈতে চিকিৎসালয়খনৰ সংশ্লিষ্ট বিছনাখনত মহিলাগৰাকী নিদ্ৰামগ্ন অৱস্থাত থকাত মহিলাগৰাকীৰ লগত থকা প্ৰায় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ থকা ভেনিটি বেগটো কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায় ৷