বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ - বৈঠালাংছ
শতবৰ্ষগৰকা বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰৰ তাণ্ডৱ ৷

বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ
বৈঠালাংছ, 8 চেপ্তেম্বৰঃ বৈঠালাংছত শতবৰ্ষ গৰকা বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰৰ তাণ্ডব । দান পাত্ৰ ভাঙি চোৰে লুটি নিলে নগদ ধন ৷ ইয়াৰ লগতে চোৰে এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি আৰু কেইবাবিধ মুল্যবান কাপোৰ লৈ যায় ৷ ট্ৰাংকৰ তলা ভাঙি লণ্ড-ভণ্ড কৰি থৈ যায় বিভিন্ন আচবাব । সোমা ষ্টুডিঅ’ নামৰ এখন দোকানতো তলা ভাঙি থৈ যায় চোৰে । তলা ভঙাৰ উপৰিও চুৰে দোকানৰ সন্মুখত এৰি থৈ যায় এখন দা ।
বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ