অসম

assam

By

Published : Nov 2, 2020, 10:19 PM IST

ETV Bharat / state

অৰুণােদয় আঁচনিৰ তদন্ত বিচাৰি বিধায়কক স্মাৰকপত্ৰ প্ৰদান ভুক্তভোগী মহিলাৰ

বোকাজানৰ বিধায়কক স্মাৰকপত্ৰ প্ৰদান মহিলাৰ ৷ অৰুণোদয় আঁচনিৰ তদন্ত বিচাৰি ভুক্তভোগী মহিলাই প্ৰদান কৰে স্মাৰকপত্ৰ ৷ বিধায়ক গৰাকীয়ে উচিত তদন্তৰ আশ্বাস ভুক্তভোগীক ৷

The victim handed over a memorandum to the MLA seeking an inquiry into the Arundoi scheme
অৰুণােদয় আঁচনিৰ তদন্ত বিচাৰি বিধায়কক স্মাৰকপত্ৰ প্ৰদান ভুক্তভোগী মহিলাৰ

ডিফু, 2 নৱেম্বৰ :সমাজৰ আর্থিকভাৱে পিচপৰা পৰিয়াল সকলক সকাহ প্রদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰূপায়ণ কৰা অৰুণােদয় আঁচনিৰ নামত শেহতীয়াকৈ কার্বি আংলং জিলাৰ বােকাজানত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হােৱাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে । সোমবাৰে এই দুৰ্নীতিৰ উচিত তদন্তৰ বাবে বােকাজানৰ মহকুমাধিপতিৰ জৰিয়তে সমষ্টিটোৰ একাংশ মহিলাই স্থানীয় বিধায়ক ডাঃ নােমল মমিনলৈ এখনি স্মাৰকপত্র প্রেৰণ কৰে ।

অৰুণােদয় আঁচনিৰ তদন্ত বিচাৰি বিধায়কক স্মাৰকপত্ৰ প্ৰদান ভুক্তভোগী মহিলাৰ

স্মাৰকপত্রখনত উল্লেখ কৰা অনুসৰি, সমষ্টিটোত অৰুণােদয় আঁচনিৰ বাবে হিতাধিকাৰী নির্বাচনৰ ক্ষেত্রত ব্যাপক অনিয়মৰ আশ্রয় লােৱা হৈছে । একাংশ চাকৰিয়াল, প্রতিষ্ঠিত ব্যৱসায়ী তথা আর্থিকভাবে স্বচ্ছল পৰিয়ালে অৰুণােদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰাৰ বিপৰীতে দৰিদ্র, বিধৱা, বিবাহ বিচ্ছদ মহিলা তথা শাৰীৰিকভাৱে অক্ষম বহু মহিলাই উক্ত আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হােৱাৰ অভিযােগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক :কাইলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন : কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ইফালে, স্মাৰকপত্ৰ লাভ কৰাৰ পিচতে বিধায়ক ডাঃ নােমল মমিনে অৰুণােদয় আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে কাৰ্বি আংলং জিলা উপায়ুক্তৰ সৈতে আলােচনা কৰা বুলি মন্তব্য কৰে । বিধায়ক গৰাকীয়ে লগতে কয় যে, চৰকাৰী বিষয়াই নিজাকৈ অনুসন্ধান কৰি এনে বহু ভুৱা হিতাধিকাৰীৰ নাম কর্তন কৰিছে । ইয়াৰ পিচতাে ভুৱা হিতাধিকাৰীয়ে আঁচনিখনৰ সুবিধা লাভৰ বাবে তালিকাভুক্ত হলে তেনে লােকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি বিধায়ক গৰাকীয়ে স্পষ্ট কৰি দিয়ে । প্রকৃত হিতাধিকাৰীয়ে যাতে আঁচনিখনৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰবাবে জিলা উপায়ুক্তক ইতিমধ্যে নির্দেশ দিয়া বুলি বিধায়ক গৰাকীয়ে জানিব দিয়ে ৷

লগতে পঢ়ক :18নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বি.এ্ৰড প্ৰথম বৰ্ষৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details