অসম

assam

ETV Bharat / state

পাহাৰীয়া জিলা কাৰ্বি আংলঙত এনপিপি দলৰ তদৰ্থ কমিটি গঠন - মেঘালয়ৰ মন্ত্ৰী জেমছ চাংমা

সোমবাৰে ডিফুত মেঘালয়ৰ মন্ত্ৰী জেমছ চাংমাৰ উপস্থিতিত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে এনপিপি দলৰ এখন তদৰ্থ কমিটি গঠন কৰা হয় ৷ আগন্তুক দিনত কাৰ্বি আংলঙত শক্তিশালী ৰূপত এনপিপি দলে থিয় দিব ৷ পাহাৰীয়া জিলা তিনিখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণক লৈ দলে বলিষ্ঠ ভূমিকা পালন কৰি যাব ৷

The Karbi anglong Committee formation by NPP party
পাহাৰীয়া জিলা কাৰ্বি আংলঙত এনপিপি দলৰ তদৰ্থ কমিটি গঠন

By

Published : Dec 8, 2020, 7:13 AM IST

ডিফু,8ডিচেম্বৰঃসোমবাৰে ডিফুত এনপিপি দলৰ শীর্ষ নেতা তথা মেঘালয়ৰ মন্ত্ৰী জেমছ চাংমাৰ উপস্থিতিত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে এনপিপি দলৰ এখন তদৰ্থ কমিটি গঠন কৰা হয় ৷ এক সংবাদমেল সম্বোধন কৰি জেমছ চাংমাইয়ে কয় যে,আগন্তুক দিনত কাৰ্বি আংলঙত শক্তিশালী ৰূপত এনপিপি দলে থিয় দিব ৷ পাহাৰীয়া জিলা তিনিখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণক লৈ দলে বলিষ্ঠ ভূমিকা পালন কৰি যাব আৰু এনপিপি দলে সদায়ে উত্তৰ- পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ সপক্ষে যুঁজ দি যাব ৷

পাহাৰীয়া জিলা কাৰ্বি আংলঙত এনপিপি দলৰ তদৰ্থ কমিটি গঠন

তদুপৰি চাংমাইয়ে সংবাদমেলৰ জৰিয়তে সাংগঠনিক ভেটি মজবুত কৰিবলৈও দলৰ কৰ্মীসকলক আহ্বান জনায় ৷ আনহাতে এই অনুষ্ঠানত চাংমাৰ লগতে উপস্থিত থাকে এনপিপি দলৰ সাধাৰণ সম্পাদক এনড্ৰিউ আহুত চেমাও ৷

লগতে পঢ়কঃকাপৰ সৈতে চোবাই খাব পৰা একাপ বিশেষ চাহ

ABOUT THE AUTHOR

...view details