অসম

assam

ETV Bharat / state

সদৌ অসম লেখিকা সমাৰোহৰ 33সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফুৰ সহযোগত ডিফুত আয়োজন কৰা হয় ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ অনুষ্ঠানত উপস্থিত থাকে বহু ব্যক্তি ৷

The 33rd Anniversary Day celebration is defaulted
33সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ডিফুত

By

Published : Dec 1, 2019, 3:07 PM IST

ডিফু, 1 ডিচেম্বৰঃ জ্ঞানপীঠ বঁটাপ্ৰাপক মামনি ৰয়চম গোস্বামীৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ডিফুৰ মামনি ৰয়ছম গোস্বামী ভৱনত অনুষ্ঠিত কৰা হয় সদৌ অসম লেখিকা সমাৰোহৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতি, ডিফু শাখা সমিতিয়ে ২৯ আৰু ৩০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে এই অনুষ্ঠানৰ ৷ অনুষ্ঠানত উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি ৷

33সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ডিফুত

29 আৰু 30 নৱেম্বৰত বহু অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে এই অনুষ্ঠানত মহিলাসকলৰ বাবেও বহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ 30 নৱেম্বৰত এখন মুকলি সভাৰো আয়োজন কৰা হয় ৷ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ডিফু লেখিকা সমাৰোহ সমিতৰ সম্পাদিকা কামিনী বড়োয়ে ৷ মুকলি সভাত বিশিষ্ট বক্তা হিচাপে ডিফু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জু হাজৰিকা আৰু নিৰ্দিষ্ট বক্তা হিচাপে ডিফুৰ বিশিষ্ট সাহিত্যিক জয়ছিং টকবীয়ে বহুমূলীয়া ভাষণ প্ৰদান কৰে ৷

অন্য এক খবৰৰ বাবে : কি চলিছে ৰঙিয়া পানী যোগান আঁচনিত !

ইয়াৰোপৰি, ডিফু লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা প্ৰেমলা দত্তই সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, ডিফু লেখিকা সমাৰোহ সমিতিয়ে গৌৰৱোজ্জল ৩৩ টা বছৰ সফলতাৰে অতিক্ৰম কৰিছে ৷ পৰ্যায়ক্ৰমে আৰু ধাৰাবহিকভাৱে বিভিন্ন আলোচনাচক্ৰ আৰু দ্বি-বাৰ্ষিক আলোচনী 'মাণ্ডুলী'ও নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে ৷ আনহাতে ডিফু লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন বিষয়বৱীয়া গীতা বৰাই সাংবাদিকক সম্বোধন কৰি কয় যে, বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ মাজত সমন্বয় আৰু উন্নতি কল্পে ১৯৮৬ চনত ডিফু লেখিকা সমাৰোহ সমিতিৰ জন্ম হৈ আজি সফলতাৰে ৩৩ বছৰ গৰকিলে ৷ এই সমিতিয়ে মহিলা সকলৰ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ নানা কাম কৰি মহিলা সকলৰ মাজৰ পৰা সু লেখিকা নাচনী, শিপিনী, গায়িকা আদি সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে আয়োজক সমিতিয়ে ৷

অন্য এক খবৰৰ বাবে : দ-খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন !

ABOUT THE AUTHOR

...view details