গুৱাহাটী, 9 নৱেম্বৰঃ অহা 10 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টেট পৰীক্ষা পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা ৷ এই মন্তব্য চেবাৰ অধ্যক্ষ আৰ চি জৈনৰ ৷ পৰীক্ষা গৃহত কোনোধৰণৰ ইলেকট্ৰ'নিক সামগ্ৰী তথা জ্যামিতি বক্সো ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে ৷ ইয়াৰোপৰি নিৰীক্ষকে প্ৰশ্নৰ টোপোলা পৰীক্ষাৰ কেইমুহূর্তমান পূৰ্বেহে পৰীক্ষাগৃহত খুলিব লগতে কেৱল পৰীক্ষৰ্থীয়ে নহয় নিৰীক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব ম'বাইল এই মন্তব্য চেবাৰ অধ্যক্ষ গৰাকীৰ ।
পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব এইবাৰৰ টেট পৰীক্ষা !! - latest update TET exam
অহা 10 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টেট পৰীক্ষা পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা এই মন্তব্য চেবাৰ অধ্যক্ষ আৰ চি জৈনৰ ৷

পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব এইবাৰৰ টেট পৰীক্ষাঃ চেবা অধ্যক্ষ
পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব এইবাৰৰ টেট পৰীক্ষাঃ চেবা অধ্যক্ষ
উল্লেখ্য যে, 2010 চনৰ পিছত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টেট পৰীক্ষাত কেৱল বি.এড আৰু ডি.এল.এড ডিগ্ৰীধাৰী সকলেহে অৱতীৰ্ণ হ'ব পাৰিব ৷ সৰ্বমুঠ 587 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এইবাৰৰ টেট পৰীক্ষা । নিম্ন প্ৰাইমাৰীত অৱতীৰ্ণ হ'ব 23,0482 সংখ্যক পৰীক্ষাৰ্থী । আনহাতে উচ্চ প্ৰাইমাৰী অৱতীৰ্ণ হ'ব 16,6079 গৰাকী পৰীক্ষাৰ্থী । অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীক শুভকামনা জ্ঞাপন কৰে চেবাৰ অধ্যক্ষ আৰ চি জৈনে ৷
আৰু পঢ়কঃ ওড়িশাৰ উপকূলৱৰ্তী জিলাসমূহত 'বুলবুল'ৰ বিস্তৰ প্ৰভাৱ