ডিফু, ৩ অক্টোবৰ: বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই-সৰিয়হজান সংযোগী পথত মঙলবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। এ এছ-01-বি চি-3145 নম্বৰৰ যাত্ৰীবাহী বাছখন হোজাইৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত ডিলাই-সৰিয়হজান পথৰ কুলিগাওঁ অঞ্চলত দুৰ্ঘটনাত পতিত হয় বাছখন। দুৰ্ঘটনাত শিশু, মহিলা, পুৰুষসহ মুঠ ১৫ গৰাকীকৈ আৰোহী গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিসকলক বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। গাড়ীখনৰ গতিবেগ বেছি হোৱা ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আঘাটপ্ৰাপ্ত আৰোহী তথা প্ৰত্যক্ষদৰ্শী লোকে জানিবলৈ দিয়ে।
বোকাজানত বাছ দুৰ্ঘটনাঃ আহত 15 গৰাকী যাত্ৰী - ডাঃ নোমল ম'মিনে
বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই-সৰিয়হজান সংযোগী পথত মঙলবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। এ এছ-01-বি চি-3145 নম্বৰৰ যাত্ৰীবাহী বাছখন হোজাইৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত ডিলাই-সৰিয়হজান পথৰ কুলিগাওঁ অঞ্চলত দুৰ্ঘটনাত পতিত হয় বাছখন।
বোকাজানত বাছ দুৰ্ঘটনাঃ আহত 15 গৰাকী যাত্ৰী
আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই গাড়ীখনৰ চালকে চেগ বুজি পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় বিধায়ক ডাঃ নোমল ম'মিনে তৎক্ষণাত বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ আহত ব্যক্তিসকলৰ খবৰ লোৱাৰ লগতে কেইবাগৰাকীও ব্যক্তিক নিজ হাতে চিকিৎসা প্ৰদান কৰে।
লগতে পঢ়ক: টীয়কত ইন্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীম উদ্বোধন