ডিফু,২১ এপ্ৰিল:কাৰ্বি আংলং জিলাৰ ডিফুত বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বুধবাৰে পুৱা প্ৰায় ১১.৩০ মান বজাত ডিফু চহৰৰ নিকটৱৰ্তী ডিফু-মাঞ্জা পথৰ বিৰলাৰ ওচৰত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এএমএ ৭০১৭ পঞ্জীয়নকৃত এখন ট্ৰাক ভুল দিশেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই বিৰলাত থকা এখন গেলামালৰ বিপণীৰ ওচৰত ৰখোৱা মটৰ চাইকেল আৰু দুজন আৰোহীক প্ৰথমে খুন্দিয়ায় ৷ ইয়াৰ পিছতে মাঞ্জা দিশৰ পৰা আহি থকা আন এখন যাত্ৰীবাহী অট'ৰিক্সাক খুন্দিয়াই চূৰ্ণ-বিচূৰ্ণ কৰে ৷
উক্ত দুৰ্ঘটনাৰ ফলত অট'চালক সুভাষ মালাকাৰ(৩৫) থিতাতে নিহত হয় ৷ ইফালে তাৎক্ষণিকভাৱে মটৰ চাইকেল আৰোহী দিপু টকবী (২০) আৰু গোবিন্দ ব্ৰহ্ম (২৫) সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে দুয়োৱে মৃত্যুক সাৱটি হয় ৷