অসম

assam

ETV Bharat / state

KAAC Election 2022: ষ্টাম্প হেৰাল ভোটদান কেন্দ্ৰৰ

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ(KAAC Election 2022) ভোটগ্ৰহণৰ মাজতে সৃষ্টি হ’ল এক উত্তেজনাময় পৰিস্থিতিৰ ৷ ভোটদান কৰা ষ্টাম্পটো হেৰাই যোৱাত উত্তেজিত হৈ পৰে একাংশ ভোটাৰ ৷

KAAC Election 2022
ভোটকেন্দ্ৰত ষ্টাম্প হেৰুৱাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি

By

Published : Jun 8, 2022, 7:00 PM IST

ডিফু, ৮ জুন:কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচনত(KAAC Election 2022) ধনশিৰি পৰিষদীয় সমষ্টিৰ দালদলিৰ 220 নম্বৰ দলদলী গাৰ'বস্তিত ভোটদান প্ৰক্ৰিয়াৰ মাজতে সৃষ্টি হ’ল উত্তেজনাময় পৰিস্থিতিৰ ৷ কেন্দ্ৰটোত বিজেপি প্ৰাৰ্থী তিলোত্তমা হাঞ্চু উপস্থিত হোৱাৰ পাছতে ভোটদান কৰা ষ্টাম্পটো হেৰাই যোৱাত উত্তেজিত হৈ পৰে একাংশ ভোটাৰ (Tense situation during vote poll) ৷

ভোটকেন্দ্ৰত ষ্টাম্প হেৰুৱাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি

উত্তেজিত জনতাই বিজেপি প্ৰাৰ্থীগৰাকীক অযোগ্য ঘোষণা কৰাৰ লগতে ভোটগ্ৰহণ কৰি থকা সংশ্লিষ্ট বিষয়া-কৰ্মীসকলক অব্যাহতি দিয়াৰ বাবে দাবীৰে প্ৰতিবাদ কৰাৰ ফলত কিছু সময়ৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ হৈ পৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰিটাৰ্ণিং বিষয়াকে ধৰি অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ উত্তেজিত জনতাৰে আলোচনা কৰি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

লগতে পঢ়ক:নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

ABOUT THE AUTHOR

...view details