ডিফু, 21 ডিচেম্বৰ :কাৰ্বি আংলঙৰ বৰনেউৰীয়াত পথ দুৰ্ঘটনা (Road accident in Karbi Anglong) ৷ সোমবাৰে নিশা বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ তথ্য অনুসৰি, ডিমাপুৰৰ পৰা মোককচাং অভিমুখী নৈশ বাছ আৰু দুখনকৈ মালবাহী ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় ৷
উল্লেখ্য যে, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সমীপত ৰখাই থোৱা NL 07 A 3635 নম্বৰৰ এখন মালবাহী ট্ৰাকত NL 06 A 2728 নম্বৰৰ মালবাহী ট্ৰাকে পিছফালৰ পৰা খুন্দিয়ায় ৷ তাৰপিছতে মালবাহী ট্ৰাকখনে ডিমাপুৰৰ পৰা মোককচাং অভিমুখে যোৱা NL 02 B 2979 নম্বৰৰ এখন ব্লু’ হিলছৰ বাছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় ৷