অসম

assam

ETV Bharat / state

Suspected heroin seized: কাৰ্বি আংলঙত দুটা পৃথক অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন জব্দ

কাৰ্বি আংলং জিলাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান ৷ লাহৰিজান আৰু ডিলাইত দুই পৃথক অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে (suspected heroin seized) ৷

heroin seized at lahorijan and dilai
বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন জব্দ

By

Published : Apr 30, 2023, 12:42 AM IST

বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন জব্দ

ডিফু, ২৯ এপ্ৰিল :শনিবাৰে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীৰ দুটা পৃথক অভিযানত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে প্ৰথমটো অভিযান চলোৱা হয় ডিলাইত ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাইত শনিবাৰে দুপৰীয়া বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন সহ আটক কৰা হৈছে এটা সৰবৰাহকাৰী (suspected heroin seized in Karbi Anglong) ৷

এক গোপন খবৰৰ ভিত্তিত শনিবাৰে দিনৰ প্ৰায় ১২-৩০ মান বজাত উপ পৰিদৰ্শক দীপক লাহন, উপ-পৰিদৰ্শক (পি) শৰৎ কাকতি আৰু ডিলাই থানাৰ ষ্টাফৰ সহযোগত ডিলাই তিনি আলিত এক বিশেষ নাকা চেকিং স্থাপন কৰা হয় ৷ তালাচী অভিযানত ডিমাপুৰ দিশৰ পৰা আহি থকা অৱস্থাত AS 02 AJ 8278 নম্বৰৰ মটৰ চাইকেলত তালাচী চলাই চালক নুৰ মহম্মদ পৰা দুটা চাবোনৰ বাকচত কঢ়িয়াই অনা অৱস্থাত 25. 91 গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (heroin seized at Dilai) ৷

হেৰ’ইন খিনি নিৰপেক্ষ সাক্ষীৰ ওচৰত জব্দ কৰি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ ধৃত নুৰ মহম্মদ নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত মঁহখুটি গাঁৱৰ আব্দুল বাৰিকৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখযোগ্য যে, ধৃত নুৰ মহম্মদ বৰ্তমান কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পানবাৰীত লোহা-লক্কৰৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰে বুলি জানিব পৰা গৈছে (suspected heroin seized at Lahorijan) ৷

আনহাতে দ্বিতীয়টো অভিযান চলোৱা হয় অসম-নাগালেণ্ড সীমান্তৰ দুদু কলনিত ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ আৰু চি 20 চি আৰপি এফৰ সহযোগত এক অভিযান চলাই লাহৰিজান দুদু কলনি নিৱাসী নাজিম উদ্দিন আৰু তেওঁৰ ভাতৃ আমিৰ উদ্দিনৰ ঘৰৰ পৰা ২০ টা প্লাষ্টিক চাবোনৰ বাকচত 262.27 গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বাসগৃহটোত আৰক্ষীৰ তালাচী অভিযানৰ পূৰ্বেই নাজিম উদ্দিন আৰু আমিৰ উদ্দিন পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ আনহাতে উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ’ইনখিনি নিৰপেক্ষ সাক্ষীৰ উপস্থিতিত জব্দ কৰিছে আৰু এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে (heroin seized in Karbi Anglong) ৷

লগতে পঢ়ক :Thief jumped into water: ডেৰ ঘন্টা আৰক্ষীক নাকনি কাণনি কৰি ফিৰোজ অৱশেষত পৰিল জালত

ABOUT THE AUTHOR

...view details