ডিফু, ৫ মাৰ্চ :বৰ্তমানৰ যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীকে ধৰি প্ৰশাসনে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে যিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সিমানেই দুষ্ট চক্ৰই নানান চতুৰালি অৱলম্বন কৰি এইসমূহ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখে ৷
এইসমূহ মাৰাত্মক সামগ্ৰীৰ ব্যৱসায়, ব্যৱসায়ী তথা সৰবৰাহ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো থমকি ৰোৱা নাই ক’লা সাম্ৰাজ্যৰ মাফিয়াবোৰ (Operation against drugs) ৷ ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে প্ৰতিদিনেই ক’লা সাম্ৰাজ্যখনৰ লগত জড়িত একাংশক আটক কৰাৰ লগতে উৎখাত কৰি আহিছে নিচাজাতীয় সামগ্ৰীৰ বিভিন্ন ঘাটি ৷ বিশেষকৈ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিতৌ আৰক্ষীয়ে ব্যৰ্থ কৰি আহিছে ড্ৰাগছ মাফিয়াৰ দ্বাৰা চলি অহা সৰবৰাহ, ব্যৱসায়ৰ প্ৰচেষ্টা ৷
শেহতীয়াকৈ শুকুৰবাৰে সন্ধিয়া খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাই থানাৰ উপ-পৰিদৰ্শৰ ৰাজীৱ বৰা সমন্বিতে আৰক্ষীৰ এটা দলে বাসবাৰীত চলালে অভিযান ৷