ডিফু, ২৮মে' : ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অসম আৰক্ষীয়ে এক প্ৰকাৰ জেহাদ ঘোষণা কৰাৰ সমান্তৰালকৈ কাৰ্বি আংলঙতো তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷ খটখটী এলেকাত এটা পৰিয়ালে দীৰ্ঘ দিন ধৰি ড্ৰাগছ ব্যৱসায় চলাই থকাৰ খবৰ লাভ কৰি বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত কাৰ্বি-আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত আৰক্ষীয়ে অভিযান চলায় ৷ উক্ত অভিযানত আৰক্ষীয়ে তিনিটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ২০.৯০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন, নগদ ধন ৩ লাখ ৬০ হাজাৰ টকা আৰু ১৪ টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷
খটখটীত ড্ৰাগছ আৰু নগধ ধন সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী - খটখটী বালিজান
কাৰ্বি-আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত আৰক্ষীৰ অভিযানত তিনি ড্ৰাগছ ব্যৱসায়ী সহ ২০.৯০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন, নগদ ধন ৩ লাখ ৬০ হাজাৰ টকা আৰু ১৪ টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত উপ পৰিদৰ্শক চৰণ মোহন সিংহ চেতিয়া, আৰু কাৰেগাঁও চকীৰ ভাৰপ্ৰাপ্ত সহকাৰী উপ পৰিদৰ্শক অৰুণ কুমাৰ নাথৰ লগতে আন আৰক্ষী বিষয়া সকলৰ সহযোগত খটখটী বালিজান বস্তিৰ এটা ঘৰত অভিযান চলায় ৷ এই অভিযানত ড্ৰাগছ বিক্ৰীৰ লগত জড়িত আলী হুছেইনৰ পত্নী মনোৱাৰা বেগম, পুত্ৰ দিলদাৰ হুছেইন আৰু আনোৱাৰ হুছেইনক সন্দেহযুক্ত হেৰ’ইন, নগদ ধন আৰু কেইবাও ম’বাইল সহ গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে, এই সন্দৰ্ভত খটখটী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২১(খ)/২৯ এনডিপিএছত ৮৮/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷ গোচৰৰ তদন্তৰ ভাৰ খটখটী থানাৰ উপ পৰিদৰ্শক মৃদুল ৰুদ্ৰ পালক অৰ্পণ কৰা হয় ৷
লগতে পঢ়ক : পৰকীয়া প্ৰেমৰ বাবেই স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ