ডিফু,20 মে’:অসম-নাগালেণ্ড সীমান্তত এতিয়া অস্ত্ৰৰ জনজননি ৷ পুনৰ ৰক্তাক্ত হ’ল কাৰ্বি ভূমি ৷ বুধবাৰে নিশা সন্দেহজনক ডিএনএলএ উগ্ৰপন্থীৰ গুলীত নিহত হয় এজন লোক ৷
প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে নিশাৰ ভাগত ধনশিৰি দাউজিফাঙৰ সঞ্জয় ৰংহাং নামৰ লোকজনৰ ঘৰত 5-6 জনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দল এটাই অনাধিকাৰভাৱে প্ৰৱেশ কৰি সঞ্জয়ক ঘৰৰ পৰা বাহিৰলৈ মাতি নি পদূলিমুখত গুলীয়াই হত্যা কৰে ৷
ঘটনাৰ সম্ভেদ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ৷ ইয়াৰ পাচতে আৰক্ষীৰ অভিযানত ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থীৰে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হয় আৰক্ষী ৷ সীমান্তৰ দুটাকৈ স্থানত আৰক্ষী আৰু উগ্ৰপন্থী দলৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ ৷