অসম

assam

ETV Bharat / state

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্ৰ দাসৰ দেহাৱসান - গুৱাহাটীৰ ডাউন টাউন চিকিৎসালয়

অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক, বিশিষ্ট সমাজকৰ্মী তথা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্র দাসৰ বুধবাৰে নিশা ১.৩৫ বজাত গুৱাহাটীৰ ডাউন টাউন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ দাসৰ মৃত্যুত অসম সাহিত্য সভাৰ লগতে অন্যান্য দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে ৷

subhash ch das the former president of karbi anglong sahitya sabha passes away etv bharat news assam
সুভাষ চন্দ্ৰ দাসৰ দেহাৱসান

By

Published : Apr 30, 2020, 8:17 PM IST

ডিফু,৩০ এপ্ৰিলঃ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্ৰ দাসৰ দেহাৱসান ৷ অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক, বিশিষ্ট সমাজকৰ্মী সুভাষ চন্দ্র দাসে বুধবাৰে নিশা ১.৩৫ বজাত গুৱাহাটীৰ ডাউন টাউন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ দাসৰ মৃত্যুৰ বাতৰিয়ে সকলোকে মৰ্মাহত কৰাৰ লগতে সমগ্ৰ কাৰ্বি আংলঙত শোকৰ ছাঁ পেলায় । বৃহস্পতিবাৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃতদেহ বকলীয়াঘাটৰ বাসভৱন আহি পোৱাৰ পিছত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু গুণমুগ্ধই শেষ শ্রদ্ধা নিবেদন কৰে । লগতে সাহিত্যিক গৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ শৰ্মাই গভীৰ সমবেদনা জ্ঞাপন কৰে ।

সুভাষ চন্দ্ৰ দাসৰ দেহাৱসান

ব্যক্তিগৰাকীৰ বিয়োগ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি সম্পাদক বিশ্বজ্যোতি হাজৰিকাই উল্লেখ কৰে ৷ আনহাতে, দাসৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাব আৰু হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবৰ সদস্যসকলে ৷

লগতে চাওকঃচৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ

ABOUT THE AUTHOR

...view details