অসম

assam

ETV Bharat / state

সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ অভিযোগ : বোকাজান থানাত গোচৰ ৰুজু - জনৈক ঋতুৰাজ বৰাৰ বিৰুদ্ধে গোচৰ

সামাজিক মাধ্যম যোগে কাৰ্বি আংলং জিলা সম্পৰ্কে প্ৰৰোচনামূলক তথা সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য প্ৰদানকাৰী যুৱকৰ বিৰুদ্ধে জিলাখনৰ কাৰ্বি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি, ষ্টুডেন্ট এণ্ড য়ুথ কাউঞ্চিলৰ বোকাজান জিলা সমিতিৰ ফালৰ পৰা বোকাজান থানাত ৰুজু কৰা হয় এখন গোচৰ ৷

students organisation filed fir against spreading hatred massage
students organisation filed fir against spreading hatred massage

By

Published : Aug 1, 2020, 4:51 AM IST

ডিফু, 1 আগষ্ট :বোকাজান এলেকাৰ এটা অসম্পূৰ্ণ পথ সন্দৰ্ভত গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত হোৱা এটা ব্যক্তিগত সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ বাতৰিৰ অংশ সামাজিক মাধ্যম ফেচবুক যোগে প্ৰচাৰিত হোৱাৰ সময়তে গোলাঘাটৰ ঋতুৰাজ বৰা নামৰ এগৰাকী যুৱকে ফেচবুকত কাৰ্বি আংলং জিলা সম্পৰ্কে প্ৰৰোচনামূলক মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে কাৰ্বি আংলং জিলাৰ কেইবাটাও সংগঠন ।

সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ অভিযোগ : বোকাজান থানাত গোচৰ ৰুজু

সামাজিক মাধ্যম যোগে এনে প্ৰৰোচনামূলক তথা সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য প্ৰদানকাৰী যুৱকজনৰ বিৰুদ্ধে জিলাখনৰ কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক চেচং কুৰ' ৰংফাৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু ষ্টুডেন্ট এণ্ড য়ুথ কাউঞ্চিলৰ বোকাজান জিলা সমিতিৰ সম্পাদক লিভিংষ্টন তেৰাঙে বোকাজান থানাত এখন এজাহাৰ দাখিল কৰে।

লগতে চাওক-কৰ'ণাৰ গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

ABOUT THE AUTHOR

...view details