অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত ছাত্ৰ সমাজৰ প্ৰতিবাদ ডিফু, 23 মাৰ্চ: শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ কাৰ্বি আংলং জিলাৰ ডিফুৰ অসম বিশ্ববিদ্যালয় চৌহদত সৃষ্টি হোৱা বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ ৷ বিভিন্ন সমস্যা সন্দৰ্ভত 10 দফীয়া দাবী লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই বৃহস্পতিবাৰৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদতে ৰূপায়ণ কৰিছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা কাৰ্যসূচী ৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ সন্থাৰ সভাপতি ছাৰ হাবে ক্ৰ' আৰু সাধাৰণ সম্পাদক ছেমছন ইংতিৰ নেতৃত্বত সদস্যসকল নামি পৰিছে প্ৰতিবাদত (Protest in Assam University Diphu campus) ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে' কাৰ্ড, বেনাৰ-ফেষ্টুন আদিলৈ ‘‘আমাৰ দাবী মানিবই লাগিব’’, ‘‘ষ্টুডেণ্ট ইউনিটি লং লিভ’’, ‘‘আমাৰ বাছ ক'ত’’, ‘‘আমাৰ খেল পথাৰ ক'ত’’, ‘‘আমাৰ স্বাস্থ্য বীমাৰ কি হ'ল ?’’ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ ষ্টুডেণ্ট ইউনিয়নৰ ছাত্ৰ নেতাসকলে বিশ্ববিদ্যালয়খনৰ অযোগ্য প্ৰশাসনিক ব্যৱস্থাৰ বাবে বিগত ষোল্ল বছৰে ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে বুলি উল্লেখ কৰে (AUDC student union protest) ৷
উপায়হীন হৈ ছাত্ৰ-ছাত্ৰীসকলে দহ দফীয়া দাবী লৈ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা ৰূপায়ন কৰিবলৈ বাধ্য হৈছে বুলি কয় তেওঁলোকে ৷ এই দহটা দাবী ক্ৰমে, খালী হৈ থকা শিক্ষকৰ স্থায়ী পদ সমূহ শীঘ্ৰে পূৰণ কৰা, অতিথি শিক্ষকৰ পদ শীঘ্ৰে পূৰণ কৰা, অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত শীঘ্ৰে নন টিছিং ষ্টাফ বৃদ্ধি কৰা, বিশ্ববিদ্যালয়ৰ বাছৰ সংখ্যা বৃদ্ধি কৰা, বিশুদ্ধ আৰু স্বাস্থ্যসন্মত খোৱা পানীৰ ব্যৱস্থা কৰা, বিল্ডিঙ উন্নীতকৰণ কৰা, ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্ৰে খেল পথাৰ নিৰ্মাণ কৰা, বংলং তেৰাঙৰ সোঁৱৰণত শীঘ্ৰে পুথিভঁড়াল নিৰ্মাণ কৰা, স্বাস্ব্য বীমাৰ কৈফিয়ৎৰ ব্যৱস্থা কৰা, শীঘ্ৰে প্ৰাক্তন ছাত্ৰ সন্থা গঠনৰ ব্যৱস্থা কৰা (Assam University Diphu campus news) ৷
লগতে পঢ়ক:G20 Summit: ডিব্ৰুগড়ত G20 সন্মিলনৰ প্ৰতিনিধিক উষ্ম আদৰণি
আনহাতে, একাংশ ছাত্ৰ নেতাই অসম বিশ্ব বিদ্যালয়ৰ ডিফু চৌহদৰ উপাচাৰ্য শিৱাসিষ বিশ্বাসক এই সন্দৰ্ভত জগৰীয়া কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ বাবে কেতিয়াও উপাচাৰ্যগৰাকী আলোচনাত নবহাৰ অভিযোগ তোলে ৷ অৱস্থান ধৰ্ণাত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলক বুজনি দিবলৈ উপাচাৰ্য শিৱাসিষ বিশ্বাস প্ৰতিবাদস্থলীলৈ আহিলেও দাবী পূৰণৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী চলি থাকিব বুলি কয় ছাত্ৰ নেতাসকলে ৷ এই অৱস্থান ধৰ্ণা কাৰ্যসূচীত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদ ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰক্তন সাধাৰণ সম্পাদক জৰ্জ তিমুং উপস্থিত থাকি প্ৰতিবাদকাৰী সকলক সমৰ্থন জনায় (Student protest in AUDC) ৷