অসম

assam

ETV Bharat / state

Heavy storm in Karbi Anglong : প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, কাৰ্বি আংলঙত ৰুষ্ট প্ৰকৃতিৰ ধ্বংসলীলা

যোৱা ১৭ ছেপ্টেম্বৰৰ নিশাৰ পৰা আজি পৰ্যন্ত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে।ধুমুহাত এলেকাটোৰ অসংখ্য ঘৰ-দুৱাৰ ধুমুহাই উৰুৱাই নিয়াৰ ফলত বহুলোক গৃহহীন হৈ পৰে । ইয়াৰ উপৰি এলেকাটোত ধুমুহাৰ তাণ্ডৱৰ ফলত কেইবাশ সৰু-ডাঙৰ গছ ভাঙি উভালি পৰে।

Heavy storm in Karbi Anglong
প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 8:04 PM IST

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

ডিফু, ১৯ ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অত্যাধিক গৰমৰ সমান্তৰালকে প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই ত্ৰাসৰ সৃষ্টি কৰিছে ৷ যোৱা ১৭ ছেপ্টেম্বৰৰ নিশাৰ পৰা আজি পৰ্যন্ত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে।

শেষ নিশা অকস্মাতে অহা প্ৰচণ্ড বা-মাৰলিজাকে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰু বকলীয়াঘাট এলেকাৰ বিস্তৃত এলেকাত ব্যাপক ধ্বংসলীলা চলায়। ধুমুহাত এলেকাটোৰ অসংখ্য ঘৰ-দুৱাৰ ধুমুহাই উৰুৱাই নিয়াৰ ফলত বহুলোক গৃহহীন হৈ পৰে । ইয়াৰ উপৰি এলেকাটোত ধুমুহাৰ তাণ্ডৱৰ ফলত কেইবাশ সৰু-ডাঙৰ গছ ভাঙি উভালি পৰে।

ইফালে সোমবাৰে পুৱাৰ ভাগত ধুমুহাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ হাওৰাঘাট তিনিআলিৰ পৰা হাওৰাঘাট সংযোগী পথচোৱাৰ একাধিক স্থানত পথৰ ওপৰতে প্ৰকাণ্ড আকাৰৰ গছ বাগৰি পৰে । এনেদৰে গছ বাগৰি পৰাৰ ফলত এলেকাটোৰ যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰে। আনকি ধুমুহাই হাওৰাঘাট নগৰত গণেশ চতুৰ্থী উপলক্ষে নিৰ্মাণ কৰি উলিওৱা বৃহৎ মণ্ডপো তচনচ কৰি পেলায় ৷

ইয়াৰোপৰি বিভিন্ন স্থানত ধুমুহাৰ ফলত ভালেসংখ্যক গছ বাগৰি পৰাৰ ফলত বৈদ্যুতিক তাঁৰ ছিঙি যায় ৷ লগতে বিদ্যুতৰ খুঁটা পৰ্যন্তো ভাঙি পৰিছে । তাৰ ফলশ্ৰুতিত আজি পৰ্যন্ত বৃহত্তৰ এলেকাটোৰ ঠায়ে ঠায়ে বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ৷ ইয়াৰোপৰি আজি প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত লাহৰিজান লাইন হোটেলৰ পৰা ছানডে’ মাৰ্কেট যোৱা পথৰত এখন বাহন আৰু ৰয়েল চেলেঞ্জ নামৰ ওৱাইন শ্বপৰ আংশিক ক্ষতি সাধন হয় ৷ ইয়াৰোপৰি ঘাই পথত উভালি পৰা গছৰ ফলত দীৰ্ঘ সময় ধৰি যাতায়ত ব্যাহত হৈ পৰে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ধুমুহাই স্থানীয় লোকসকলক ত্ৰাসিত কৰি তুলিছে ৷

লগতে পঢ়ক:Heavy storm in Dibrugarh: ধুমুহাত টিংখাঙত প্ৰকাণ্ড গছ পৰি ভাগিল বহুতো গৃহ

ABOUT THE AUTHOR

...view details