অসম

assam

ETV Bharat / state

ডিফুৰ পখিলা ইংতিপিলৈ 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড' - কাৰ্বি আংলঙৰ বাবে আন এটি সুখবৰ

কাৰ্বি আংলঙৰ বাবে আন এটি সুখবৰ । কাৰ্বি আংলঙৰ সুযোগ্যা কন্যা দক্ষ খেলুৱৈ সোণৰ পদক বিজয়ী পখিলা ইংতিপীলৈ আগবঢ়োৱা হৈছে 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড ২০২২'(Sports Aceiver Award 2022) ৷ আমেৰিকাৰ ইউনিভাৰচিটি অফ গ্ল'ৱেল পীচ আৰু ইণ্টাৰনেছনেল ফ'ৰাম অফ এন্টি কৰাপছনে যুটীয়া ভাবে এই 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড' আগবঢ়াইছে খেলুৱৈ গৰাকীলৈ ৷

sports aceiver award to pakhila engtipi
ডিফুৰ পখিলা ইংতিপিলৈ "স্পৰ্টচ এচিভাৰ এৱাৰ্ড"

By

Published : Mar 29, 2022, 10:39 PM IST

ডিফু, ২৯ মাৰ্চ: অসমৰ বাবে আন এটি সুখবৰ । কাৰ্বি আংলঙৰ সুযোগ্যা কন্যা দক্ষ খেলুৱৈ সোণৰ পদক বিজয়ী পখিলা ইংতিপীলৈ আগবঢ়োৱা হৈছে 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড ২০২২'(Sports Aceiver Award 2022) ৷ আমেৰিকাৰ ইউনিভাৰচিটি অফ গ্ল'ৱেল পীচ আৰু ইণ্টাৰনেছনেল ফ'ৰাম অফ এন্টি কৰাপছনে যুটীয়া ভাবে এই 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড'(Sports Aceiver Award 2022) আগবঢ়াইছে ৷

আমেৰিকাৰ ইউনিভাৰচিটি অফ গ্ল'ৱেল পীচ আৰু ইণ্টাৰনেছনেল ফ'ৰাম অফ এন্টি কৰাপছনে যুটীয়া ভাবে এই 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড' আগবঢ়াইছে ৷

অহা, ৬ এপ্ৰিলত নতুন দিল্লীস্থিত সংসদ মাৰ্গৰ কনষ্টিটিউছন ক্লাৱ অফ ইণ্ডিয়াত আয়োজিত এক কাৰ্যসূচীত এই বঁটা আনুষ্ঠিনকভাবে প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্যযে পখিলা ইংতিপীয়ে ২০১৮ চনৰ ১২ ছেপ্তেম্বৰত মালয়েচিয়াত অনুষ্ঠিত এচিয়া পেচিফিক মাষ্টাৰ্চ গেমচৰ ৫০০০ মিচাৰ দৌৰ প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল ৷

অহা ৬ এপ্ৰিলত নতুন দিল্লীস্থিত সংসদ মাৰ্গৰ কনষ্টিটিউছন ক্লাৱ অফ ইণ্ডিয়াত আয়োজিত এক কাৰ্যসূচীত এই বঁটা আনুষ্ঠিনকভাবে গ্ৰহণ কৰিব ইংতিপীয়ে

তেও চণ্ডিগঁড়ত অনুষ্ঠিত নেছনেল মাষ্টাৰ্চ গে ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷ ১৯৮৪ চনত জন্ম গ্ৰহণ কৰা পখিলা ইংতিপী বৰ্তমান বন বিভাগৰ কৰ্মচাৰী হোৱাৰ লগতে ডিফু এথলেটিকচ একাডেমিৰ লগত জড়িত আছে ৷ ইংতিপীৰ সাফল্যত আনন্দিত অঞ্চলবাসীৰ লগতে ৰাজ্যবাসী ।

লগতে পঢ়ক:ঘোষণা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল

ABOUT THE AUTHOR

...view details