ডিফু, ২৬ ডিচেম্বৰ :উত্তৰ পূব ভাৰতৰ ডিফু,বোকাজান,ডিমাপুৰ,সৰুপথাৰ,জপৰাজান আৰু ধনশিৰিত দয়ানন্দ সেৱাশ্ৰম বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল প্ৰতিষ্ঠা কৰি পাঁচটা দশক সেৱা আগবঢ়োৱা বিশিষ্ট সমাজকৰ্মী লীলা বৰাৰ আজি পুৱা দেহাৱসান ঘটে ৷ বোকাজানৰ দয়ানন্দ সেৱাশ্ৰমতে থাকি আমৃত্যু সেৱা আগবঢ়োৱা লীলা বৰাৰ মৃত্যুত কাৰ্বি আংলং জিলাৰ লগতে ডিমাপুৰতো শোকৰ ছাঁ পৰিছে ৷ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা বৰাৰ মৃত্যুৰ সময়ত ৮৫ বছৰ হৈছিল ৷
ডেকা বয়সতে দয়ানন্দ সেৱাশ্ৰমত সেৱা আগবঢ়াবলৈ আহি আজীৱন সেৱা আগবঢ়াই গ'ল ৷ ইয়াৰ উপৰি তেওঁ বোকাজান সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সভাক গতিশীলতা প্ৰদান কৰিছিল ৷ বোকাজান কলেজ প্ৰতিষ্ঠা কৰাত আগভাগ লোৱাৰ লগতে কলেজৰ প্ৰবক্তা সকলক প্ৰথম অৱস্থাত দৰমহা দিবলৈ তেওঁ প্ৰতিমাহে কিছু বৰঙণি আগবঢ়াছিল ৷ বোকাজানত স্ত্ৰী শিক্ষা বিকাশৰ বাবে প্ৰতিষ্ঠা কৰা ছোৱালী হাইস্কুল প্ৰতিষ্ঠাতো তেওঁ আগভাগ লৈছিল ৷