অসম

assam

ETV Bharat / state

ডিফুত ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ অসন্তুষ্টি প্ৰকাশ বিভিন্ন সংগঠনৰ

ডিফুত ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ পৃথক-পৃথক সংবাদমেল ৷ ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ সন্তুষ্ট নহয় কাৰবি আংলঙৰ সামাজিক সংগঠন, উচ্চতম ন্যায়ালয়লৈ দ্বাৰস্থ দোষী সাব্যস্ত হোৱা সকলৰ পৰয়াল ৷

social & student organisation are not satisfied on jhankar judgement
ডিফুত ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ অসন্তুষ্টি প্ৰকাশ বিভিন্ন সংগঠনৰ

By

Published : Feb 26, 2020, 9:24 PM IST

ডিফু, 26 ফেব্ৰুৱাৰী : ডিফুত ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ পৃথক পৃথক সংবাদমেল সংগঠন সমূহৰ ৷ ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ সন্তুষ্ট নহয় কাৰ্বি আংলঙৰ সামাজিক সংগঠনৰ লগতে ছাত্ৰ সংগঠন ৷ ২৪ ফেব্ৰুৱাৰী ঝংকাৰ হত্যাকাণ্ডত মুঠ ১৬ জন আচামীৰ ৪ জনক ৰেহাই দি ১২ জনক দোষী সাব্যস্ত কৰি দিয়া ৰায়দানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিয়াল আৰু সংগঠনৰ নেতৃবৰ্গই ৷ বুধবাৰে ডিফুত বিভিন্ন সামাজিক আৰু ছাত্ৰ সংগঠনে পৃথক পৃথক সংবাদমেল অনুষ্ঠিত কৰি এই কথা মন্তব্য কৰে ৷ ডিফু লামডিংৰোড স্থিত কেএছএৰ কাৰ্যালয়ত কেএছএ, কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএৰ যৌথ সংবাদমেলত কেএছএৰ সভাপতি ছিমিয়ণ ৰংফাৰে কয় যে, ঝংকাৰ হত্যাকাণ্ডৰ দোষী সকলে উপযুক্ত শাস্তি পাব লাগে যদিও ২৪ ফেব্ৰুৱাৰীত ডিফু সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰা ৰায়দানকলৈ সংগঠন সমূহ সন্তুষ্ট নহয় ৷

ডিফুত ঝংকাৰ হত্যাকাণ্ডৰ ৰায়দানকলৈ অসন্তুষ্টি প্ৰকাশ বিভিন্ন সংগঠনৰ

বুধবাৰে বিয়লি ডিফু ৰংখেলানস্থিত কেএছএৰ (ইংলংফ')ৰ কাৰ্যালয়ত জাকাছ, কেএছএ,কেএফ এ, কেএছৱাইচি, কেএছইউ, কেএআইৱাইএ আৰু কেএনএ সংগঠনেও আন এক যৌথ সংবাদমেলৰ আয়োজন কৰি ২৪ ফেব্ৰুৱাৰীৰ ৰায়দানকলৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷ সংবাদমেলত জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে কয় যে উক্ত ৰায়দানত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭, ৩৪১, ৩২৩ আৰু ৩০২ লগতে আৰডব্লিউ ধাৰা ১৪৯ ত ১২ জন ব্যক্তিক দোষী সাব্যস্ত কৰা হৈছে ৷ জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে সংবাদ মাধ্যমক জনোৱা অনুসৰি উক্ত গোচৰত সাব্যস্ত কৰা ১২ জনীয়া আচামীৰ পৰিয়ালৰ লোক আৰু সংবাদমেল আয়োজন কৰা সংগঠন সমূহে উক্ত ৰায়দানত সন্তুষ্ট নহয়, কিয়নো উক্ত গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰা অনুসৰি কোনো অপৰাধ সংগঠিত হোৱা নাছিল ৷ সেয়ে উক্ত ৰায়দানৰ বিৰুদ্ধে দোষী সাব্যস্ত হোৱা ব্যক্তি সকলৰ পৰিয়াল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও মন্তব্য কৰে ৷

আৰু পঢ়ক :ডিফুত মুখ্য বন বিষয়াৰ বাসভৱন আৰু কাৰ্যালয়ত দূৰ্নীতি নিবাৰক শাষাৰ অভিযান

ABOUT THE AUTHOR

...view details