ডিফু, 25 আগষ্ট: ৰাজ্যজুৰি অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান (Anti drugs campaign of Assam Police)। নিচামুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে নিচাজাতীয় দ্ৰব্য । কিন্তু আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতো দুষ্টচক্ৰই এনে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Police anti drug operation)।
শেহতীয়াকৈ, হাওৰাঘাট থানাৰ অন্তৰ্গত অককেৰেং এলেকাত বৃহস্পতিবাৰে বিয়লিৰ ভাগত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷ লগতে এগৰাকী মহিলাসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Smugglers arrested with narcotic tablets) ৷
জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাং আৰু ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পাৰখোৱাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাওৰাঘাট সংযোগী পথত তালাচী অভিযান চলায় । এই অভিযানৰ সময়তে আৰক্ষীৰ দলটোৱে অককেৰেং নামৰ ঠাইত AS-02-এ-4999 নম্বৰৰ বাহনখনত তালাচী চলাই প্ৰায় 8560 টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।