অসম

assam

ETV Bharat / state

Silver Jubilee celebration : ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন - Brahmakumaris Vishwavidyalaya in Diphu

ডিফুত প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ডিফু শাখাৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন (25 th years of Prajapita Brahmakumaris Ishwariya Vishwavidyalaya) ৷

Silver Jubilee celebration
ব্ৰহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষ

By

Published : Mar 25, 2023, 10:00 PM IST

ব্ৰহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষ

ডিফু, 25 মাৰ্চ : ডিফু - লামডিঙত অৱস্থিত প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ডিফু শাখাৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি শাখা কাৰ্যালয়টিত পতাকা উত্তোলনৰ পিছত 'জীৱন দৰ্শন ভৱন' ৰ শুভ উদ্ধোধন কৰে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে ৷ তাৰ পিছত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ তথা অধ্যক্ষ বিকে মোহন সিংঘলৰ নেতৃত্বত শতাধিক ভক্তপ্ৰাণে ডিফু চহৰৰ মাজেৰে এক বিশাল শোভাযাত্ৰা উলিয়াই ডিফু ক্লাৱত সমবেত হয় (Prajapita Brahmakumaris Ishwariya Vishwavidyalaya in Diphu) ৷

ৰাজস্থানৰ মাউণ্ট আবু ঈশ্বৰীয় বিদ্যালয়ৰ মুখপাত্ৰ বিকে মোহন সিংঘলৰ পৰিচালনাত এখন মুকলি সভা অনুষ্ঠিত হয় ৷ উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত ঈশ্বৰীয় বিশ্ববিদ্যালয় তিনিচুকীয়া শাখাৰ সঞ্চালিকা বিকে ৰজনী, ডিফুৰ সঞ্চালিকা বিকে শীলা আৰু বিকে জ্যেষ্ঠ ৰাজযোগী ৰাজ তিলকৰ লগতে প্ৰায় ৫ শতাধিক ভক্তপ্ৰাণ উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে ৷

ব্ৰহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষ

লগতে পঢ়ক :SFI Hunger strike: ছেবাক ৰক্ষাৰ দাবীৰে এচ এফ আইৰ 126 ঘণ্টীয়া অনশন কাৰ্যসূচী স্থগিত ঘোষণা

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ইএম ৰিতেশ ইংতি, জিলা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু প্ৰাক্তন সাংসদ অৰ্জুন শৰ্মা ৷ সভাত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ বিকে সিংঘলে প্ৰজাপতি ব্ৰহ্মকুমাৰীৰ ঈশ্বৰীয় বিদ্যালয়ৰ বৰ্তমান সময়ৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি ই এটি চিন্তা ৰহিত সুস্থ মনৰ অধিকাৰী হোৱাত সহায়ক হয় বুলি কয় (Silver Jubilee of Brahmakumaris Ishwariya Vishwavidyalaya) ৷

পৰিৱেশ প্ৰদূষণৰ সমান্তৰালকৈ মনৰ প্ৰদূষণ ঈশ্বৰীয় বিদ্যালয়ৰ ধ্যান ধাৰণাৰ জৰিয়তে ৰোধ কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিকে সিংঘলে ৷ সিংঘলে লগতে গোলকীয় উষ্ণতাৰ বিষয়লৈও উদ্বিগ্নতা প্ৰকাশ কৰে ৷ ইয়াৰ পিছত কেক কাটি আৰু হাতে হাতে বন্তি প্ৰজলন কৰি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে ঈশ্বৰীয় বিশ্ববিদ্যালয় ডিফু শাখাই ৷

লগতে পঢ়ক :Haflong Municipal Board : হাফলং সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰেতাক প্ৰৱেশত বাধা

For All Latest Updates

ABOUT THE AUTHOR

...view details