ডিফু, ১ জুলাই :ৰাজ্যজুৰি তোলাপাৰ লগোৱা এছ আই বদ্ৰী কাণ্ডত সাঙুৰ খাই পৰা ডিফুৰ সৰস্বতী হাচনুৰ অট্টালিকাৰ সন্দৰ্ভত চলি থকা সৰৱ চৰ্চাৰ মাজতে এক নতুন স্বীকাৰোক্তি দিলে সৰস্বতী হাচনুৰ মাতৃয়ে ৷ কাৰ্বি আংলঙৰ দিলাই,খটখটী আৰু বকলীয়া থানাৰ পৰাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বদ্ৰী প্ৰসাদে চলাইছিল এখন ক’লা সাম্ৰাজ্য । এই ক্ষেত্ৰত সহযোগ আগবঢ়োৱাৰ অভিযোগ কনিষ্টবল সৰস্বতী হাচনুৰ বিৰুদ্ধে ।
যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও সৰস্বতীৰ মাতৃয়ে উত্থাপিত অভিযোগ সমূহ খণ্ডন কৰিছে । কাৰ্বি আংলঙত কৰ্মৰত অৱস্থাত বিভাগীয় ওপৰৱালাক সন্তুষ্ট কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বদ্ৰী প্ৰসাদ বাৰুৱাতীয়ে চলাই গৈছিল এক ৰমৰমীয়া বেহা । আনহাতে বিদ্ৰোহী সংগঠনৰ সৈতে মিলি চুৰি গাড়ী উদ্ধাৰ কৰি পুনৰ বিক্ৰী কৰা আদি বহু অভিযোগৰ উপৰি ৰেল বিভাগত সোণ চুৰিত অভিযুক্ত (SI) এচ আই বদ্ৰী এতিয়া ৰঙা ঘৰৰ আলহী ।
SI বদ্ৰীয়ে ঘৰ বনাই দিয়াৰ কথা অস্বীকাৰ সৰস্বতীৰ মাতৃৰ একেদৰে বদ্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত হোৱা কনিষ্টবল সৰস্বতী হাচনুক ইতিমধ্যে ডিফুৰ হৰিলাল বস্তিৰ এটা ঘৰৰ পৰা নন্দিনী কাকতিৰ নেতৃত্বত এটি দলে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বদ্ৰীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্কৰ কথা অস্বীকাৰ কৰাৰ লগতে হৰিলাল বস্তিৰ ঘৰটো নিজে বনোৱা বুলি দাবী কৰে সৰস্বতীৰ মাতৃগৰাকীয়ে । সম্প্ৰতি সৰস্বতী হাচনুৰ মাতৃৰ দাবী কিমান যুক্তিসংগত সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷
উল্লেখ্য যে, আৰক্ষী বিষয়া বদ্ৰী প্ৰসাদ বাৰুৱাতী আৰু তেওঁৰ আৰক্ষী পত্নীক সোণৰ অবৈধ বেহাৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰিছিল আৰক্ষীয়ে ৷ বদ্ৰী প্ৰসাদৰ পত্নীৰ নগাঁও আৰক্ষী নিৱেশৰ কোঠাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন আৰু নকল সোণো জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ এইজন অভিযুক্ত আৰক্ষী বিষয়াৰ সৈতেই ঘনিষ্ঠতা থকাৰ অভিযোগত আৰক্ষীয়ে ডিফুৰ সৰস্বতী হাচনুৰকো আটক কৰিছে ৷
লগতে পঢ়ক : চোৰাং সোণ বিচাৰি আৰক্ষীৰ ঘৰত আৰক্ষীৰ অভিযান