ডিফু,6 ছেপ্তেম্বৰ:শনিবাৰেউদীয়মান কবি পূর্ণিমা দেৱীৰ শ্বায়েৰী সংকলন "এমুঠি অনুভৱ তােমাৰ বাবে" উন্মােচন কৰে কার্বি আংলং জিলাৰ প্রথিতযশা সাহিত্যিক, ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰংবং তেৰাঙে । বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিফুস্থিত নিজা বাসভৱনত অনুষ্টুপীয়াকৈ আয়ােজিত গ্রন্থ উম্মােচনী সভাখনত কাব্য গ্রন্থখন উন্মোচন কৰি সাহিত্যিকগৰাকীয়ে মহামাৰীৰ আতংকৰ মাজতাে একাংশ লােকে সৃষ্টিশীল কাম-কাজৰ সৈতে নিজকে জড়িত ৰখাৰ বাবে অভিনন্দন জনায় ৷
ডিফুত এমুঠি অনুভৱ তােমাৰ বাবে উন্মােচন - ৰংবং তেৰাং
কবি পূর্ণিমা দেৱীৰ শ্বায়েৰী সংকলন "এমুঠি অনুভৱ তােমাৰ বাবে" উন্মােচন কৰে কার্বি আংলং জিলাৰ প্রথিতযশা সাহিত্যিক, ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰংবং তেৰাঙে । বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিফুস্থিত নিজা বাসভৱনত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এই অনুষ্ঠান ৷
![ডিফুত এমুঠি অনুভৱ তােমাৰ বাবে উন্মােচন shaeri book inauguration by ex sahitya sabha president padmashree Rongbong terang diphu karbi anglong assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8700463-thumbnail-3x2-a.jpg)
শ্বায়েৰী সংকলন উন্মােচন
শ্বায়েৰী সংকলনখনি উন্মোচন কৰি তেৰাঙে শ্বায়েৰী মূলতঃ উর্দু সাহিত্যৰ অংশ বুলি মন্তব্য কৰি কবি পূর্ণিমা দেৱীৰ এই সংকলনখনি সম্ভৱতঃ অসমীয়া ভাষাত শ্বায়েৰীৰ প্রথম মৌলিক গ্রন্থ বুলি মন্তব্য কৰে । উল্লেখ্য যে,200 শ্বায়েৰী সন্নিৱিষ্ট সংকলনখনিৰ প্রকাশক সামাজিক মাধ্যমৰ জনপ্রিয় কবিতা গােট অসমীয়া কবিতাৰ চর্চাৰ প্রশাসক আমিনুৰ ৰহমান ।