অসম

assam

ডিফু কাৰাগাৰৰ শ্ৰেণীকক্ষ পৰিদৰ্শন শীৰ্ষ ন্যায়িক বিষয়াৰ

By

Published : Mar 26, 2021, 4:56 PM IST

ডিফু কাৰাগাৰৰ শ্ৰেণীকক্ষ পৰিদৰ্শন মুখ্য সত্ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ । 'লিটাৰেচি মিচন ড্ৰাইভ'ৰ অধীনত ডিএলএছএইৰ উদ্যোগত উক্ত কাৰ্যসূচী গ্ৰহণ কৰা হয় । শীৰ্ষ ন্যায়িক বিষয়া দুগৰাকীয়ে কাৰাবন্দীসকলক পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰাবন্দীসকলৰ শৈক্ষিক দিশৰ উন্নতি আৰু জ্ঞান বৃদ্ধি কৰাৰ বাবে আহ্বান জনায় ৷

ডিফু কাৰাগাৰৰ শ্ৰেণীকক্ষ পৰিদৰ্শন মুখ্য সত্ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ
ডিফু কাৰাগাৰৰ শ্ৰেণীকক্ষ পৰিদৰ্শন মুখ্য সত্ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ

ডিফু, ২৫ মাৰ্চ: জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছএৰ উদ্যোগত ডিফু কাৰাগাৰত পাঠদান কাৰ্যসূচী আৰম্ভ হয় । শুকুৰবাৰে কাৰ্বি আংলং জিলা ও সত্ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়িক দণ্ডাধীশে কাৰাবন্দীসকলৰ শ্ৰেণীকক্ষ পৰিদৰ্শন কৰে । ন্যায়িক দণ্ডাধীশৰ লগতে ডিএলএছএৰ সচিব ক্ৰমে, আব্দুল হাকিম, প্ৰণিতা মৰাং দলে আৰু নাগিব আহমেদে ডিফু কাৰাগাৰত উপস্থিত হৈ কাৰাবন্দীসকলৰ শ্ৰেণীকক্ষ পৰিদৰ্শন কৰে ৷

ডিফু কাৰাগাৰৰ শ্ৰেণীকক্ষ পৰিদৰ্শন মুখ্য সত্ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ

'লিটাৰেচি মিচন ড্ৰাইভ'ৰ অধীনত ডিএলএছএইৰ উদ্যোগত উক্ত কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷ শীৰ্ষ ন্যায়িক বিষয়া দুগৰাকীয়ে কাৰাবন্দীসকলক পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰাবন্দীসকলৰ শৈক্ষিক দিশৰ উন্নতি আৰু জ্ঞান বৃদ্ধি কৰাৰ বাবে আহ্বান জনায় ৷ পূৰ্বৰ দুটা পৰ্যায়ৰ পাঠদানত কাৰাবন্দীসকলে লিখা আৰু পঢ়াত দক্ষতাৰ উন্নীতকৰণ কৰি ইংৰাজীত নাম লিখিবলৈ সমৰ্থ হৈছে বুলি ডিএলএছএ জানিবলৈ দিয়ে ৷ ডিএলএছএৰ এই পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক: এইবাৰো বিজেপিক ভোট নিদিবলৈ আহ্বান বুদ্ধিজীৱিৰ : অসমতহে সম্ভৱ এই পৰম্পৰা

ABOUT THE AUTHOR

...view details