ডিফু,৩ এপ্ৰিল:শুকুৰবাৰে পুৱা কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ কেমেৰাৰ সন্মুখতে ধনশিৰি নদীত বুৰ যায় যাত্ৰীসহ এখন বলেৰ' গাড়ী ৷ প্ৰাপ্ত খবৰ অনুসৰি, যোৱা এপ্ৰিলত নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ শিঙৰীজানৰ পৰা চালকসহ দুজন লোক ভোট দিবলৈ গৈ উভতি আহি বলেৰ' গাড়ী খনেৰে ধনশিৰি নদীৰ ওপৰত থকা ৰে'লৱে ব্ৰীজৰ তলেৰে নদীৰ পানীৰ মাজেৰে পাৰ হ'ব বিচাৰিছিল ৷
কেমেৰাৰ সন্মুখতে ডুবিল যাত্ৰীসহ বলেৰ' গাড়ী - শিহৰণকাৰী দৃশ্য
শুকুৰবাৰে পুৱা কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ কেমেৰাৰ সন্মুখতে ধনশিৰি নদীত বুৰ যায় যাত্ৰীসহ এখন বলেৰ' গাড়ী ৷ সৌভাগ্যক্ৰমে দুয়োজন লোক গাড়ীখনৰ পৰা কথমপি বাহিৰলৈ ওলাই নদীত সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ আনহাতে, এই সমগ্ৰ শিহৰণকাৰী দৃশ্য বন্দী হৈ ৰৈছিল প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত ৷

কেমেৰাৰ সন্মুখতে ডুবিল যাত্ৰীসহ বলেৰ' গাড়ী
কেমেৰাৰ সন্মুখতে ডুবিল যাত্ৰীসহ বলেৰ' গাড়ী
কিন্তু দুৰ্ভাগ্যজনকভাৱে হঠাৎ অহা বাঢ়নী পানীয়ে বলেৰ' খন বুৰাই পেলায় ৷ যাৰ ফলত বলেৰ' সহ ডুব যায় চালকজনৰ লগতে যাত্ৰীগৰাকী ৷ সৌভাগ্যক্ৰমে দুয়োজন লোক গাড়ীখনৰ পৰা কথমপি বাহিৰলৈ ওলাই নদীত সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে দুঘণ্টাৰ অন্তত জেচিবি লগাই বলেৰ'খনো পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, এই সমগ্ৰ শিহৰণকাৰী দৃশ্য বন্দী হৈ ৰৈছিল প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত ৷
লগতে পঢ়কঃসবাতোকৈ ধনী প্ৰাৰ্থীজন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত